চিৰাঙৰ ৰঞ্চাইধামত বিটিচি প্ৰধান প্ৰমোদ বড়োৰ নিৰ্বাচনী প্ৰচাৰ সভা
চিৰাং, ০২ মে’ (হি স)। চিৰাঙৰ ৰঞ্চাইধামত এনডিএ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ সমৰ্থনত বিটিচি প্ৰধান প্ৰমোদ
চিৰাঙৰ ৰঞ্চাইধামত বিটিচি প্ৰধান প্ৰমোদ বড়োৰ নিৰ্বাচনী প্ৰচাৰ সভা


চিৰাং, ০২ মে’ (হি স)। চিৰাঙৰ ৰঞ্চাইধামত এনডিএ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ সমৰ্থনত বিটিচি প্ৰধান প্ৰমোদ বড়োৱে নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰে । বিটিচিৰ মূখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োই অহা সাত মে'ৰ লোকসভা নিৰ্বাচনৰ দিনা বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক জয়ী কৰিবলৈ ৰাইজলৈ আহ্বান জনায়। তেওঁ বিটিচিত সকলো জাতি জনগোষ্ঠীৰ লোকে শান্তিৰে বসবাস কৰিছে বুলি উল্লেখ কৰি এতিয়া বিটিচিত উন্নয়ন সম্ভৱ হৈছে বুলি উল্লেখ কৰে ৷

ৰঞ্চাইধামৰ ৰাজহুৱা খেলপথাৰত আয়োজিত নিৰ্বাচনী সভাত ত্ৰিপুৰাৰ কেবিনেট মন্ত্ৰী শুক্লাচৰণ নাওতীয়াই অংশ গ্ৰহণ কৰি বিটিচিৰ মূখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ হাত শক্তিশালী কৰিবলৈ ৰাইজলৈ আহ্বান জনায় ৷ বাংলা আৰু হিন্দী ভাষাত ভাষণ দি তেওঁ অহা সাত মে''ৰ দিনা সকলোকে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক বিপুল ভোটত জয়ী কৰিবলৈ আহ্বান জনায় ৷ এই সভাত অংশ গ্ৰহণ কৰি বিটিচিৰ মূখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে দেশত পুনৰবাৰ নৰেন্দ্ৰ মোডী প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক নিৰ্বাচিত কৰাৰ বাবে তেওঁ মিত্ৰ জোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক জয়ী কৰিব লাগিব বুলিও নিৰ্বাচনী সভাত মত ব্যক্ত কৰে।

আজিৰ প্ৰচাৰ সভাত চিৰাং জিলা বিপিএফৰ যুৱ মৰ্চাৰ উপ-সভাপতি শিমাং ব্ৰহ্ম সহ বহু লোকে ইউপিপিএল দলত যোগদান কৰে। বহু দলীয় লোকে অংশ গ্ৰহণ কৰা সভাত বিটিচিৰ পৰিষদীয় সদস্য চাইখং বসুমতাৰী, চিৰাং জিলা ইউ পি পি এলৰ সভাপতি নিৰ্মল কুমাৰ ব্ৰহ্ম সহ কে''বাজনো নেতা উপস্থিত থাকে ৷

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ


 rajesh pande