লামডিং – বদৰপুৰ পাহাৰ খণ্ডত ৰে'ল সেৱাৰ বাতিলকৰণ আৰু সময় পুনৰ নিৰ্ধাৰণ
গুৱাহাটী, ০২ মে’ (হি স)। উত্তৰ পূব সীমান্ত ৰে'লৱেৰ লামডিং মণ্ডলৰ অধীনত জাতিঙ্গা লামপুৰ আৰু নিউ হাৰাং
লামডিং – বদৰপুৰ পাহাৰ খণ্ড


গুৱাহাটী, ০২ মে’ (হি স)। উত্তৰ পূব সীমান্ত ৰে'লৱেৰ লামডিং মণ্ডলৰ অধীনত জাতিঙ্গা লামপুৰ আৰু নিউ হাৰাংগাজাওৰ মাজত কিঃমিঃ ১১০/৭ অত চলি থকা ট্ৰেক মেৰামতিৰ কামৰ প্ৰতি লক্ষ্য ৰাখি,নিম্নলিখিত ৰে’লসমূহ বাতিলকৰণ আৰু সময় পুনৰ নিৰ্ধাৰণ কৰা হৈছে:

ৰে’ল সেৱাৰ বাতিলকৰণ:

Ø ০৩ ৰ পৰা ৭ মে’, ২০২৪ লৈ যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং ১৫৬১৫/১৫৬১৬ (গুৱাহাটী– শিলচৰ- গুৱাহাটী) এক্সপ্ৰেছ।

Ø ০৪ মে’, ২০২৪ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং ১৫৮৮৭/১৫৮৮৮ (গুৱাহাটী– বদৰপুৰ- গুৱাহাটী) টুৰিষ্ট এক্সপ্ৰেছ।

Ø ০৪ আৰু ০৬ মে’, ২০২৪ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং ১৫৬১১ (ৰঙিয়া – শিলচৰ) এক্সপ্ৰেছ।

Ø ০৫ আৰু ০৮ মে’, ২০২৪ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং ১৫৬১২ (শিলচৰ – ৰঙিয়া) এক্সপ্ৰেছ।

Ø ০৪ আৰু ০৬ মে’, ২০২৪ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং ১৫৬১৭ (গুৱাহাটী - দুল্লভচেৰা) এক্সপ্ৰেছ।

Ø ০৫ আৰু ০৭ মে’, ২০২৪ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং ১৫৬১৮ (দুল্লভচেৰা - গুৱাহাটী) এক্সপ্ৰেছ।

Ø ০৪, ০৫, ০৬ আৰু ০৭ মে’ ২০২৪, তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া যথাক্ৰমে ৰে’ল নং১৫৬৪১ (শিলচৰ – নিউ তিনিচুকীয়া) এক্সপ্ৰেছ, ৰে’ল নং ১৫৬৪২ (নিউ তিনিচুকীয়া - শিলচৰ) এক্সপ্ৰেছ, ৰে’ল নং ০৫৬৩৮ (শিলচৰ - নাহৰলগুন) বিশেষ আৰু ৰে’ল নং ০৫৬৩৭ (নাহৰলগুন - শিলচৰ) বিশেষ।

সময় পুনৰ নিৰ্ধাৰণ:

Ø ০৩মে’, ২০২৪তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং. ০৭০২৯(আগৰতলা-ছেকেন্দ্ৰাবাদ) বিশেষ ৰে’লখনৰ সময় ০৬:২০বজাৰ পৰিৱৰ্তে ২৩:৫০বজাত যাত্ৰা আৰম্ভ কৰাৰ বাবে পুনৰ নিৰ্ধাৰণ কৰা হৈছে।

হিন্দুস্থান সমাচাৰ/মনোজ/অৰবিন্দ


 rajesh pande