শিৱসাগৰ জিলাত ১৪৪ ধাৰা জাৰি
শিৱসাগৰ, ১৮ এপ্রিল (হি.স)। ১৯ এপ্ৰিলত অনুষ্ঠিত হবলগীয়া লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ যাতে
শিৱসাগৰ জিলাত ১৪৪ ধাৰা জাৰি


শিৱসাগৰ, ১৮ এপ্রিল (হি.স)। ১৯ এপ্ৰিলত অনুষ্ঠিত হবলগীয়া লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ যাতে শান্তিপূৰ্ণ ভাৱে সম্পন্ন হয় তাৰ প্ৰতি লক্ষ্য ৰাখি শিৱসাগৰ জিলাত ১৭ এপ্ৰিলৰ সন্ধিয়াৰ পৰা ১৯ এপ্ৰিলৰ ভোটদান পৰ্ব শেষ নোহোৱা পৰ্যন্ত ভাৰতীয় দণ্ডবিধি আইনৰ ১৪৪ ধাৰা (আই)ৰ অধীনত শিৱসাগৰ জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱে বিশেষ নিৰ্দেশৰ জৰিয়তে ভোটগ্ৰহণ কেন্দ্ৰ সমূহৰ এশ মিটাৰ দূৰত্বৰ ভিতৰত পাঁচজনতকৈ অধিক লোক সমাগম হোৱা, লাঠী, ৰ'ড, তৰোৱাল জাতীয় সামগ্ৰী আৰু মাৰনাস্ত্ৰ আদি কঢ়িওৱা আদি কাৰ্য সম্পূৰ্ণ ভাৱে নিষিদ্ধ কৰিছে|

এনে ধৰণৰ কাৰ্যই নিকা নিৰ্বাচন সম্পন্ন কৰাৰ ক্ষেত্ৰত যাতে ৰাজহুৱা শান্তি বিঘ্নিত কৰিব নোৱাৰে তাৰ বাবে বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে | এই আদেশ ভংগ কৰিলে ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰা অনুযায়ী দণ্ডনীয় হব |

হিন্দুস্থান সমাচাৰ/নিৰ্মলেন্দু/ৰমেন/আলোক.


 rajesh pande