লোকসভা নিৰ্বাচনঃ ফকিৰাগ্ৰামত ইউপিপিএলৰ যোগদান কাৰ্যসূচী
কোকৰাঝাৰ, ০১ মে’ (হি.স.): লোকসভা নিৰ্বাচনক লৈ বিশেষ তৎপৰ হৈ পৰিছে ইউপিপিএল। বিশেষকৈ কোকৰাঝাৰ সমষ্টি
লোকসভা নিৰ্বাচনঃ ফকিৰাগ্ৰামত ইউপিপিএলৰ যোগদান কাৰ্যসূচী


কোকৰাঝাৰ, ০১ মে’ (হি.স.): লোকসভা নিৰ্বাচনক লৈ বিশেষ তৎপৰ হৈ পৰিছে ইউপিপিএল। বিশেষকৈ কোকৰাঝাৰ সমষ্টি দখল কৰিবলৈ এইবাৰ কঁকালত টঙালি বান্ধিছে দলটোৱে। ইয়াৰ মাজতে যোৱাকালি মঙলবাৰে ফকিৰাগ্ৰামত ইউপিপিএল দলৰ এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈ যায়।

এই যোগদান সভাত উপস্থিত থাকি বিটিআৰ প্ৰমুখ প্ৰমোদ বড়োৰ ৰাজনৈতিক সচিব মাধৱ ছেত্ৰীয়ে কয় যে বিটিআৰৰ পয়ত্ৰিশ লাখ ৰাইজৰ সৰ্বাংগীণ উন্নয়ন, শান্তি আৰু সমন্বয় গঢ়িবলৈ সংকল্প লোৱা ইউপিপিএল দলৰ মুৰব্বী তথা বিটিআৰ পৰিষদীয় চৰকাৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰচেষ্টাত অশান্ত জৰ্জৰ বিটিআৰত এলেকাত শান্তি প্ৰতিষ্ঠা হৈছে ৷ প্ৰমোদ বড়োৰ নেতৃত্বত শৈক্ষিক ক্ষেত্ৰত পৰিবৰ্তন, বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়, এটা পৰিয়াল গঢ়াৰ সংকল্প আদিৰ বাবেই বিটিআৰত ৰাইজে চৰকাৰৰ ওপৰত আস্বস্ত হৈ এন ডি এৰ প্ৰাৰ্থীক জয়ী কৰাবলৈ সংকল্প লৈ ৰাইজে এই দলত যোগদান কৰিছে ৷

অসম বিধান সভাৰ ৪ নং বাওখুংগ্ৰুৰী সমষ্টিৰ নিৰ্বাচনী পৰিচালনা সমিতিৰ ফকিৰাগ্ৰামস্থিত কাৰ্যলয়ত মঙলবাৰে নিশা অনুষ্ঠিত হোৱা যোগদান কাৰ্যসূচীত ইউপিপিএল দলৰ কেন্দ্ৰীয় সমিতিৰ মুখপাত্ৰ আৰু সমন্বয়ক আশ্ৰাফুল ইছলাম, ইউপিপিএলৰ ফকিৰাগ্ৰাম ব্লক সমিতিৰ সভাপতি লুছেন নাৰ্জাৰী, সম্পাদক হজৰত আলি তালুকদাৰ, মূল্য সূত্ৰধৰ, জগত নাথ, ইউপিপিএলৰ মতিউৰ ৰহমান, যুৱা গোটৰ সভাপতি লুতফৰ ৰহমান, তামুলপুৰ জিলা জি এছ গণেশ নাথ আদিয়ে বিজেপি ইউপিপিএল দলৰ নীতি, আদৰ্শৰ ওপৰত বক্তব্য দি জয়ন্ত বসুমতাৰীক বিপুল ভোটত জয়যুক্ত কৰিবলৈ কৰ্মকৰ্তা সকলক আহ্বান জনায় ৷ যোগদান সভাত বিভিন্ন ৰাজনৈতিক দল আৰু সংগঠনৰ দুই শতাধিক লোকে ইউপিপিএলত যোগদান কৰে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ


 rajesh pande