বোকাখাতৰ ৰাষ্ট্ৰীয় ঘাইপথত বাগৰিল তামোল ভৰ্তি ট্ৰাক
গোলাঘাট, ২১ মে’ (হি.স.): গোলাঘাট জিলাৰ বোকাখাতৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি এক পথ দুৰ্ঘটনাত এখন তামোল ভৰ্
বোকাখাতৰ ৰাষ্ট্ৰীয় ঘাইপথত বাগৰিল তামোল ভৰ্তি ট্ৰাক


গোলাঘাট, ২১ মে’ (হি.স.): গোলাঘাট জিলাৰ বোকাখাতৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি এক পথ দুৰ্ঘটনাত এখন তামোল ভৰ্তি এখন ট্ৰাক ঘাইপথতে বাগৰি পৰে। বোকাখাতৰ নাহৰজানত নিয়ন্ত্ৰণ হেৰুওৱাই ঘাইপথত বাগৰি পৰে ট্ৰাকখন।

উল্লেখ্য় যে এএছ ২৫ ইচি ১৯৮৩ নম্বৰৰ ট্ৰাকখনে নাগালেণ্ডৰ পৰা তামোল কঢ়িয়াই গুৱাহাটী অভিমূখে আহি আছিল । অৱশ্যে দুৰ্ঘটনাটোত কোনো লোকৰে হানি বিঘিনি হোৱা নাই।

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ


 rajesh pande