কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ পাঠশালা নগৰত আৰু নিত্যানন্দ গাঁৱত নিৰ্বাচনী প্ৰচাৰ
বৰপেটা, ০১ মে’ (হি.স.): বজালী বিধানসভা সমষ্টিৰ পাঠশালা নগৰত আৰু নিত্যানন্দ গাঁৱত মঙলবাৰে আবেলি নিৰ্ব
কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ পাঠশালা নগৰত আৰু নিত্যানন্দ গাঁৱত নিৰ্বাচনী প্ৰচাৰ


বৰপেটা, ০১ মে’ (হি.স.): বজালী বিধানসভা সমষ্টিৰ পাঠশালা নগৰত আৰু নিত্যানন্দ গাঁৱত মঙলবাৰে আবেলি নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে জ্য়েষ্ঠ কেবিনেট মন্ত্ৰী ৰনজিৎ কুমাৰ দাস আৰু কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই। মিত্ৰজোঁটৰ প্ৰাৰ্থী ফনীভূষন চৌধুৰীৰ হৈ কেবিনেট মন্ত্ৰী দ্বয়ে প্ৰচাৰ অভিযান চলায় ৷

চৰকাৰে যিমান খিনি আচঁনি ৰাইজক দিছে সেই অনুপাতে এইবাৰ ৰাইজে মিত্ৰজোঁটৰ প্ৰাৰ্থীকে ভোট বুলি কয় ৰনজিৎ কুমাৰ দাসে ৷ লগতে জয় নিশ্চিত কিন্তু ভোটৰ শতাংশ বাঢ়িব লাগিব বুলিও ব্য়ক্ত কৰে অসম চৰকাৰৰ জ্য়েষ্ঠ কেবিনেট মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে ৷ আনফালে ফনীভূষন চৌধুৰীক লগত লৈ জয়ন্তমল্ল বৰুৱাই পাঠশালা নগৰত ৰোড শ্ব’ত অংশগ্ৰহণ কৰে ৷ আৰু পাঠশালাত ৰোড শ্ব’ সমাপ্ত কৰি বজালীৰ নিত্যানন্দত ৰাইজৰ সৈতে জনসম্পৰ্ক কৰে জয়ন্তমল্ল বৰুৱা আৰু জেষ্ঠ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। মিত্ৰযোজট প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ জয়ন্তমল্ল বৰুৱা আৰু ৰঞ্জিত কুমাৰ দাসে আজি সমষ্টিত মাৰাথান প্ৰচাৰ অভিযান নামি পৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ


 rajesh pande