বটদ্ৰৱাত আৰক্ষীৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ
নগাঁও, ১৮ এপ্ৰিল (হি.স.)। বটদ্ৰৱাত আৰক্ষীৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ। আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস
বটদ্ৰৱাত আৰক্ষীৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ


নগাঁও, ১৮ এপ্ৰিল (হি.স.)। বটদ্ৰৱাত আৰক্ষীৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ। আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ৰাজপথলৈ উলাই আহিল সাধাৰণ জনতা। বটদ্ৰৱা আৰক্ষী হায় হায়, বটদ্ৰৱা আৰক্ষী মুৰ্দাবাদ আদি শ্লোগানেৰে উত্তাল কৰিলে ৰাজপথ।

সাম্প্ৰতিক সময়ত নগাঁও জিলাৰ পশ্চিমাঞ্চল অপৰাধীৰ ৰম্যভূমি হৈ পৰিছে। চুৰি, ডকাইতি, জুৱা, ড্ৰাগছৰ পয়োভৰত সৰ্বসাধাৰণ নিদ্ৰা হৰণ হৈ পৰিছে। কিন্ত সকলো দেখিও আৰক্ষী নিমাত হোৱাৰ অভিযোগ তোলে স্থানীয় ৰাইজে। যাৰ পৰিপ্ৰেক্ষিততে এনেদৰে ৰাজপথত প্ৰতিবাদ কৰিবলৈ ওলাই আহিল সাধাৰণ জনতা। এই দৃশ্য বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত হাইডুবি গাঁৱৰ। গাঁও খনত বিগত দিনত চুৰে সন্ত্ৰাস সৃষ্টি কৰিছে, নিতৌ হোৱা চুৰি কাণ্ডৰ বাবে আজি সৰৱ হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ। ৰাইজৰ ধন জনৰ নিৰাপত্তাৰ বাবে চৰকাৰৰ হস্তক্ষেপ দাবী তুলিলে।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/আলোক.


 rajesh pande