টিহু সমষ্টিৰ সংখ্যালঘু অঞ্চলত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ
নলবাৰী, ৩০ এপ্ৰিল (হি স)। বৰপেটা লোকসভা সমষ্টিৰ এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষন চোধুৰীৰ সমৰ্থনত
টিহু সমষ্টিৰ সংখ্যালঘু অঞ্চলত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ


নলবাৰী, ৩০ এপ্ৰিল (হি স)। বৰপেটা লোকসভা সমষ্টিৰ এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষন চোধুৰীৰ সমৰ্থনত নৱগঠিত টিহু বিধান সভা সমষ্টিত মাৰাথান নিৰ্বাচনী প্ৰচাৰ অব্যহত ৰাখিছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ মঙ্গলবাৰে একেদিনাই ১১ খনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী পাটোৱাৰীয়ে । বৰপেটাত ফণীভূষন চৌধুৰীৰ বিজয় নিশ্চিত বুলি দাবী কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা ধৰ্মপুৰ সমষ্টিৰ বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷

তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানত শাসক বিৰোধী উভয়ে নামি পৰিছে নিজৰ নিজৰ সমৰ্থিত প্ৰাৰ্থী উদ্ধাৰ অভিযানত ৷ পিছ পৰি ৰোৱা নাই ৩ নং বৰপেটা লোকসভা সমষ্টিও ৷ সংসদীয় সমষ্টিটোৰ অন্তৰ্গত নৱগঠিত টিহু বিধানসভা সমষ্টিত মাৰাথান নিৰ্বাচনী প্ৰচাৰ অব্যহত ৰাখিছে শাসকীয় দলে ৷ বিজেপি-অগপ-ইউ পি পি এল মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষন চৌধুৰীৰ সমৰ্থনত টিহুৰ বিভিন্ন প্ৰান্তত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নেতৃত্বত চলিছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ ৷ মঙলবাৰে প্ৰায় ১১ খনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহনৰ উদ্যেশ্যে মন্ত্ৰীগৰাকী উপস্থিত হয় নৱগঠিত টিহু সমষ্টিত ৷ কেবাটাও সংখ্যালঘু অধ্যুষিত অঞ্চলত প্ৰচাৰৰ উদ্যেশ্যে উপস্থিত হোৱা পাটোৱাৰীয়ে মধুপুৰত প্ৰথমখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে ৷

সংখ্যালঘূ জনবসতি প্ৰধান অঞ্চলটোত মন্ত্ৰীগৰাকীৰ প্ৰতি ৰাইজৰ জনসমৰ্থন দেখি উৎখুল্লিত হৈ পৰে পাটোৱাৰী ৷ সকলো ধৰ্মৰ লোকৰ সমানে সংখ্যালঘূ লোকৰো বিজেপিৰ দিনত উন্নয়ণ হোৱা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে এইবাৰ সংখ্যালঘূ লোক বিজেপৰ পক্ষত আছে বুলি দাবী কৰে ৷ বৰপেটাত বৃহৎ ভোটৰ ব্যৱধানত মিত্ৰজোটৰ প্ৰাৰ্থী ফণীভূষন চৌধুৰী জয়ী হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷ নিৰ্বাচনী সভাত মন্ত্ৰীগৰাকীৰ লগত নলবাৰী জিলা অগপৰ সম্পাদক কেশৱ চন্দ্ৰ ডেকা, বিজেপি নেতা ভাস্কৰ শৰ্মা, নলবাৰী জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি চবিৰ আহমেদ আদি উপস্থিত থাকে ৷

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ


 rajesh pande