কোকৰাঝাৰত আদিবাসী দল সংগঠনৰ লোকসভা নিৰ্বাচনকলৈ গুৰুত্বপূৰ্ণ বৈঠক
কোকৰাঝাৰ, ৩০ এপ্ৰিল (হি.স.): তৃতীয় পৰ্যায়ৰ নিৰ্বাচনকলৈ ক্ৰমাৎ অধিক তুংগত উঠিছে কোকৰাঝাৰ লোকসভা সমষ্ট
কোকৰাঝাৰত আদিবাসী দল সংগঠনৰ লোকসভা নিৰ্বাচনকলৈ গুৰুত্বপূৰ্ণ বৈঠক


কোকৰাঝাৰ, ৩০ এপ্ৰিল (হি.স.): তৃতীয় পৰ্যায়ৰ নিৰ্বাচনকলৈ ক্ৰমাৎ অধিক তুংগত উঠিছে কোকৰাঝাৰ লোকসভা সমষ্টিৰ ৰাজনৈতিক প্ৰেক্ষাপট ৷ এই উপলক্ষে কোকৰাঝাৰ চহৰৰ চান্দামাৰীস্থিত বড়োফা সাংস্কৃতিক প্ৰকল্পত আজি আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ উদ্যোগত আদিবাসী দল সংগঠনৰে লোকসভা নিৰ্বাচনকলৈ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷

এই বৈঠকত জিলাখনৰ অভিভাৱক মন্ত্ৰী অশোক সিংহাল উপস্থিত থাকি কোকৰাঝাৰ লোকসভা সমষ্টিত এইবাৰ আদিবাসী সমাজে উন্নয়নৰ স্বাৰ্থত বিজেপি ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক বিপূল ভোট দি জয়যুক্ত কৰিৱ বুলি দাবী কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ


 rajesh pande