গোসাঁইগাঁৱৰ তুলসীবিলত তৃণমূল কংগ্ৰেছৰ জনসভা
–আটাইতকৈ স্বৈৰাচাৰী মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাঃ ছিদ্দিকুল্লাহ চৌধুৰী –কংগ্ৰেছ, দিনত কংগ্ৰেছ ৰ
গোসাঁইগাঁৱৰ তুলসীবিলত তৃণমূল কংগ্ৰেছৰ জনসভা


–আটাইতকৈ স্বৈৰাচাৰী মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাঃ ছিদ্দিকুল্লাহ চৌধুৰী

–কংগ্ৰেছ, দিনত কংগ্ৰেছ ৰাতিত বিজেপিঃ সাংসদ সুস্মিতা দেৱ

কোকৰাঝাৰ, ৩০ এপ্ৰিল (হি.স.):ভাৰত বৰ্ষত আটাইতকৈ স্বৈৰাচাৰী মুখ্যমন্ত্ৰী হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেওঁ মানুহক কষ্ট দিয়ে, পীড়িত কৰে। তেওঁক ভোট নিদিলে মানুহক যাতনা দিয়ে। বিভিন্ন ধৰণৰ প্ৰভাৱিত কৰে। –এই মন্তব্য পশ্চিম বংগৰ গণ শিক্ষা সম্প্ৰসাৰণ আৰু পুথিভঁৰাল বিজ্ঞান বিভাগ (মিলছ)ৰ ৰাজ্যিক মন্ত্ৰী ছিদ্দিকুল্লাহ চৌধুৰীৰ। তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ উদ্দেশ্যি আৰু কয় যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মিছলীয়া। তেওঁ মিছা কথাৰ আৱিষ্কাৰক।

মন্ত্ৰী গৰাকীয়ে আৰু কয় যে দক্ষিণ ভাৰতত বিজেপিয়ে ১০-১৫ শতাংশ ভোট আৰু ৮০-৮৫ শতাংশ ভোট লাভ কৰি বিজেপি বিৰোধী ইণ্ডিয়া জোঁটে জয় লাভ কৰি চৰকাৰ গঠন কৰিব। এই ক্ষেত্ৰত কিং মেকাৰৰ ভূমিকা গ্ৰহণ কৰিব পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নেতৃত্বাধীন তৃণমূল কংগ্ৰেছে। কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত তুলসীবিলত কোকৰাঝাৰ জিলা তৃণমূল কংগ্ৰেছৰ উপ সভাপতি মফিদুল ইছলাম আহমেদৰ সভাপতিত্বত মঙ্গলবাৰে তৃণমূল কংগ্ৰেছৰ জনসভা অনুষ্ঠিত কৰা হয়। তৃণমূল কংগ্ৰেছৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৌৰী শংকৰ শৰণীয়াৰ হৈ আয়োজিত জনসভাত উপস্থিত থাকি অসম কন্যা তথা পশ্চিম বংগৰ ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱে কয় যে আজি আমি যুঁজি যুঁজি নাচিব বিচাৰোঁ। আমাৰ এই যুদ্ধ মূল্য বৃদ্ধিৰ বিৰুদ্ধে, আমাৰ এই যুদ্ধ সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে, আমি এই যুদ্ধ অধিকাৰ বিচাৰি। এই ক্ষেত্ৰত সদায় সহযোগ কৰিছে তৃণমূল কংগ্ৰেছে।

আজিৰ দিনৰ বিজেপিক প্ৰতিহত কৰিবলৈ একমাত্ৰ বিকল্প হৈছে তৃণমূল কংগ্ৰেছ। তেওঁ অসমৰ কংগ্ৰেছ সন্দৰ্ভত কয় যে অসমৰ কংগ্ৰেছ, দিনত কংগ্ৰেছ ৰাতিত বিজেপি। সেই কাৰণে কংগ্ৰেছৰ পৰা জিকি ছয় গৰাকীকৈ বিধায়ক বিজেপিত যোগদান কৰিছে। উক্ত সভাত আমন্ত্ৰিত অতিথি হিচাপে অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই তেওঁৰ ভাষণৰ পোনতে কয় ৰাইজে বিজেপিক ভোট নিদিব, বিজেপিক ভোট দিয়াৰ দৰে ভুল কৰিলে, জাতি ধ্বংস হ'ব, দেশ ধ্বংস হ'ব। আজি নৰেন্দ্ৰ মোদীয়ে কাকো ভয় নকৰে, কংগ্ৰেছক ভয় নকৰে, অকল যদি ভয় কৰে মমতা বন্দ্যোপাধ্যায়ক। তেওঁ আৰু কয় যে বিটিচিত ইউপিপিএল হৈছে বিজেপিৰ সন্তান আৰু বিপিএফ হৈছে বিজেপিৰ এক হাত। আমি সকলোৱে দেশৰ সংবিধান ৰক্ষাৰ স্বাৰ্থত বিজেপিক প্ৰতিহত কৰিব লাগিব। আজিৰ সভাত অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ উপ সভাপতি নুৰুল ইছলাম চৌধুৰী, সাধাৰণ সম্পাদক (সাংগঠনিক) অৰূপ জ্যোতি ভূঞা আদিকে ধৰি কেইবাজনো নেতৃবৃন্দই উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ


 rajesh pande