সৰভোগৰ বৰনগৰ ব'হাগী উৎসৱৰ সফল সামৰণি
বৰপেটা, ১৮ এপ্ৰিল (হি.স.)। সৰভোগৰ বৰনগৰ ব’হাগী উৎসৱৰ সফল সামৰণি। বৰনগৰ ব''হাগী উৎসৱ -২০২৪ ৰ দ্বিতীয়
সৰভোগৰ বৰনগৰ ব’হাগী উৎসৱৰ সফল সামৰণিঃ
বৰনগৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° বীৰেন কুমাৰ চক্ৰবৰ্ত্তীক বৰনগৰ প্ৰেৰণা বঁটা প্ৰদানঃ


বৰপেটা, ১৮ এপ্ৰিল (হি.স.)। সৰভোগৰ বৰনগৰ ব’হাগী উৎসৱৰ সফল সামৰণি। বৰনগৰ ব''হাগী উৎসৱ -২০২৪ ৰ দ্বিতীয় তথা অন্তিম দিনৰ কাৰ্যসূচী হিচাপে যোৱা নিশা প্ৰয়াত তৰুণ চন্দ্ৰ ৰাজবংশীৰ পৱিত্ৰ সোঁৱৰণত বৰনগৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° বীৰেন কুমাৰ চক্ৰবৰ্ত্তীক বৰনগৰ প্ৰেৰণা বঁটা-২৪ আৰু প্ৰয়াত বীৰেন্দ্ৰ নাৰায়ণ অধিকাৰীৰ পৱিত্ৰ সোঁৱৰণত বীৰনামৰ পাঠক,সাংস্কৃতিক ক্ষেত্ৰখনত ওতপ্ৰোতভাবে জড়িত তথা অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ ভবানন্দ পাঠকক বৰনগৰ গৌৰৱ বঁটা-২০২৪ প্ৰদান কৰে।

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ পৰা আয়োজিত অসম সাংস্কৃতিক মহাসংগ্ৰাম-২৪ চূড়ান্ত প্ৰতিযোগিতাত তৃতীয় স্থান পাবলৈ সক্ষম হোৱা প্ৰিয়ংকা ৰায় এণ্ড গ্ৰুপ আৰু তানিছা নাছৰিন এণ্ড গ্ৰুপকো বিশেষভাৱে সম্বৰ্ধনা জনায়। এইবর্ষৰ মুখপত্ৰ বৰতি উন্মোচন কৰে সাংবাদিক তথা নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাই। তাৰোপৰি সদৌ অসম ভিত্তিত সৰু বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল,এই প্ৰতিযোগিতাৰ বিজয়ী তথা চিত পখিলী-২০২৪ খ্যাত প্ৰতিযোগী হৈছে অস্মিতা দাস।

এই কাৰ্যসূচীৰ আৰম্ভণিতে জিলা প্ৰাথমিক শিক্ষা বিষয়া ৰাতুল কুমাৰ দাস,কিঞ্চিৎ সাংস্কৃতিক গোষ্ঠীৰ প্ৰতিষ্ঠাপক তথা সম্পাদক ড৹ মৃণাল কুমাৰ ভৌমিক,মইনবড়ী সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ গণেশ চন্দ্ৰ অধিকাৰী,ঘিলাঝাৰী সত্ৰৰ সত্ৰাধিকাৰ দ্বীপেন্দ্ৰ নাৰায়ণ অধিকাৰীকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনায়,নিশা লোক-কৃষ্টিমূলক নৃত্যানুষ্ঠানৰ লগতে সংগীতানুষ্ঠান আৰম্ভ হয়,মুকলি বিহু,দিগন্ত ডান্স একাডেমি(সৰভোগ),কলাংগন সাংস্কৃতিক গোষ্ঠী(বৰপেটা) আৰু স্থানীয় লোকশিল্পীৰ দ্বাৰা সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হয়৷

হিন্দুস্থান সমাচাৰ/নিৰ্মলেন্দু/আলোক.


 rajesh pande