গোৱালপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বন্যহস্তীৰ আক্ৰমণত আহত এগৰাকী মহিলা
গোৱালপাৰা, ১৬ এপ্ৰিল(হি.স.)। গোৱালপাৰা জিলাখনৰ বিভিন্ন প্ৰান্ততে বন্যহস্তীৰ চৰণীয়া পথাৰত পৰিণত হৈছে।
গোৱালপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বন্যহস্তীৰ আক্ৰমণত আহত এগৰাকী মহিলা


গোৱালপাৰা, ১৬ এপ্ৰিল(হি.স.)। গোৱালপাৰা জিলাখনৰ বিভিন্ন প্ৰান্ততে বন্যহস্তীৰ চৰণীয়া পথাৰত পৰিণত হৈছে। সমান্তৰালকৈ ঠাই বিশেষে ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণ কৰাৰ নামত নিৰ্মাণ হোৱা ফ্লাই অভাৰৰ ভুল সিদ্ধান্তৰ বাবে এতিয়া জ্বলাকলা খাব লগা হৈছে স্থানীয় ৰাইজ। জানিব পৰা মতে ১৯৯৮ চনৰে পৰা আগিয়া অঞ্চলত বন্যহস্তীৰ উপদ্ৰৱ চলি আহিছে দাঁতি কাষৰীয়া অঞ্চল নিচিন্তা বুধিপাৰা , টোকৰাপাৰা , বাপুপাৰা ইত্যাদি বিভিন্ন গাঁওৰ মাজত হাতী প্ৰৱেশ কৰি বহু মানৱ সম্পদৰ লগতে সম্পত্তি ধ্বংস কৰি পেলাই আহিছে।

ইয়াৰ মাজতে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ আগিয়া মহাবিদ্যালয়, নিচিন্তা আৰু বুধিপাৰা গাঁৱৰ মাজভাগত নিৰ্মাণ হোৱা উৰনীয়া সেতুৰ ফলত বন্যহস্তী সমূহ গাঁও দুখনত বন্দী হৈ পৰে। ফলত বন্যহস্তীৰ আক্ৰমণত বহুতৰে মৃত্যু বৰণ কৰিব লগা হৈছে। যোৱা নিশা পুনৰাই বন্যহস্তীয়ে আক্ৰমণ কৰি বুধিপাৰা গাঁওৰ সনেশ্বৰী নাথ (৬২) নামৰ মহিলা গৰাকী গুৰুতৰ ভাবে আহত হয় আৰু নিশাই উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিতসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে আৰু এই মুহূৰ্তত আই চি ইউত জীৱন মৃত্যুৰ সৈতে যুঁজি থকাৰ বাতৰি পোৱা গৈছে । ফলত আজি গঞা ৰাইজে বুধিপাৰাস্থ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথলৈ ওলাই আহি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/মনোজ


 rajesh pande