গোৱালপাৰাৰ কৃষ্ণাইত ৰকিবুল হুচেইনৰ হৈ অখিল গগৈৰ ভোট ভিক্ষা
গোৱালপাৰা, ২৯ এপ্ৰিল (হি স)। ধুবুৰীৰ কংগ্ৰেছী প্ৰাৰ্থী ৰকিবুল হুচেইনৰ হৈ গোৱালপাৰাৰ কৃষ্ণাইত ভোট ভি
গোৱালপাৰাৰ কৃষ্ণাইত ৰকিবুল হুচেইনৰ হৈ অখিল গগৈৰ ভোট ভিক্ষা


গোৱালপাৰা, ২৯ এপ্ৰিল (হি স)। ধুবুৰীৰ কংগ্ৰেছী প্ৰাৰ্থী ৰকিবুল হুচেইনৰ হৈ গোৱালপাৰাৰ কৃষ্ণাইত ভোট ভিক্ষা কৰিছে বিধায়ক অখিল গগৈয়ে। ৰকিবুলক বৈতৰনি পাৰ কৰিবলৈ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তুলা ধূনা দিয়ে অখিল গগৈয়ে।

ইফালে ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল সন্দৰ্ভতো সৰৱ হৈ পৰে অখিল গগৈ। গগৈয়ে কয় যে, ইমান দিনে আজমলে ধুবুৰীৱাসীক মাত্ৰ তিনিটা বস্তুহে দিছে। এক- বানপানীৰ সময়ত ৰাইজক পানীৰ বটল দিয়া, দুই- ঈদৰ সময়ত এ আই ইউ ডি এফৰ লিডাৰক খেজুৰ দিয়া আৰু তিনি- নিৰ্বাচন আহিলে পানীৰ বটলত ফু..ফু..ফ..। বাকী সকলো হোজাইত কৰিছে। বিধায়ক অখিল গগৈয়ে ধুবুৰী সমষ্টিত ৰকিবুল হুছেইনক ব্য়াপক ভোটৰ ব্য়ৱধানত জয়ী কৰিবলৈও জনসাধাৰণৰ প্ৰতি আহ্বান জনায়।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ


 rajesh pande