শালবাৰীৰ পাকৃগুৰিত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ
বাক্সা, ২৯ এপ্ৰিল (হি.স.): বাক্সাৰ শালবাৰীৰ পাকৃগুৰিত আজি কংগ্ৰেছ দলে নিৰ্বাচনী প্ৰচাৰ চলায়। কোকৰাঝ
শালবাৰীৰ পাকৃগুৰিত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ


বাক্সা, ২৯ এপ্ৰিল (হি.স.): বাক্সাৰ শালবাৰীৰ পাকৃগুৰিত আজি কংগ্ৰেছ দলে নিৰ্বাচনী প্ৰচাৰ চলায়। কোকৰাঝাৰ লোকসভা সমষ্টিৰ কংগ্রেছ পাৰ্টী গৰ্জন মুছাহাৰীৰ সমৰ্থনত বাক্সা জিলা কংগ্রেছ কমিটীয়ে চলায় নিৰ্বাচনী প্ৰচাৰ। জিলা কংগ্রেছ কমিটীয়ে ৰাইজৰ সৈতে মত বিনিময় কৰি প্ৰদান কৰে কংগ্রেছৰ গেৰেণ্টী কাৰ্ড।

বিজেপি চৰকাৰক তীব্র সমালোচনা কৰে বাক্সা জিলা কংগ্রেছৰ উপ সভাপতি খলিলুৰ ৰহমান আৰু সাধাৰণ সম্পাদক প্ৰাঞ্জিত কুমাৰ উজীৰে। বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰৰ সময়ত নিয়ম উলংঘন কৰি অৰুণোদয় প্ৰ পত্ৰ বিতৰণ কৰাৰ অভিযোগ তোলে। বিৰোধীৰ ভয়ত সংকিত হৈ এনেবোৰ কাম কৰি আহিছে বিজেপি মিত্ৰজোঁটে। কোকৰাঝাৰ লোকসভা সমষ্টিত কংগ্রেছৰ প্ৰাৰ্থী গৰ্জন মুছাহাৰীৰ জয়লাভ নিশ্চিত বুলিও দাবী কৰে নেতাদ্বয়ে। লগতে কোকৰাঝাৰত সৰ্বস্তৰৰ ৰাইজে গৰ্জন মুছাহাৰীক জয়ী কৰি কেন্দ্রত কংগ্রেছক চৰকাৰ গঠন কৰিবৰ বাবে সুযোগ দিবলৈ আহ্বান জনায়।

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ


 rajesh pande