বৰপেটা লোকসভা সমষ্টিৰ চিপিআইএমৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰক মুকলি সমৰ্থন জীপাল কৃষক শ্ৰমিক সন্থাৰ
বৰপেটা, ২৯ এপ্ৰিল (হি স)। জীপাল কৃষক শ্ৰমিক সন্থাই মুকলি সমৰ্থন জনাইছে বৰপেটা লোকসভা সমষ্টিৰ চিপিআইএ
বৰপেটা লোকসভা সমষ্টিৰ চিপিআইএমৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰক মুকলি সমৰ্থন জীপাল কৃষক শ্ৰমিক সন্থাৰ


বৰপেটা, ২৯ এপ্ৰিল (হি স)। জীপাল কৃষক শ্ৰমিক সন্থাই মুকলি সমৰ্থন জনাইছে বৰপেটা লোকসভা সমষ্টিৰ চিপিআইএমৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰক। মনোৰঞ্জন তালুকদাৰৰ হৈ মুকলি প্ৰচাৰ চলোৱাৰ আহ্বান জনাইছে বিধায়ক অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈক।

জীপাল কৃষক শ্ৰমিক সন্থাৰ মতে এইবাৰ মোদী মেজিক হ'ব অচল টকাৰ দৰে। মোদী আৰু হিমন্ত বিশ্ব শৰ্মাৰ মুখাঅৱয়ৱত এই কথা স্পষ্ট হৈ পৰিছে। ডিব্ৰুগড়ত লুৰিণজ্যোতি গগৈ, নগাঁৱত প্ৰদ্যুত বৰদলৈ, গুৱাহাটীত মীৰা বৰঠাকুৰ আৰু বৰপেটাত মনোৰঞ্জন তালুকদাৰক মুকলি নৈতিক সমৰ্থন জনায় জীপাল কৃষক শ্ৰমিক সন্থাৰ মুখ্য উপদেষ্টা সোনেশ্বৰ নৰহে। আনহাতে তৃতীয় বাৰলৈ যদি মোদী চৰকাৰ ক্ষমতালৈ আহে তেন্তে ভাৰতবৰ্ষৰ সংবিধানক পদাঘাত কৰিবলৈ কুন্ঠাবোধ নকৰিব বুলিও বিজেপি তীব্ৰ সমালোচনা কৰে জীপাল কৃষক শ্ৰমিক সন্থাৰ নেতাসকলে।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ


 rajesh pande