বান্দৰদেৱাত অসম জাতীয়তাবাদী যুৱ -ছাত্ৰ পৰিষদৰ হাৰমতী আঞ্চলিকৰ ৰঙালী বিহু আদৰণী উৎসৱ
লক্ষিমপুৰ, ১৬ এপ্ৰিল (হি.স.): লক্ষিমপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৰ সমন্বয়ৰ স্থলী বান্দৰদেৱাৰ বিহু ব
বান্দৰদেৱাত অসম জাতীয়তাবাদী যুৱ -ছাত্ৰ পৰিষদৰ হাৰমতী আঞ্চলিকৰ ৰঙালী বিহু আদৰণী উৎসৱ


লক্ষিমপুৰ, ১৬ এপ্ৰিল (হি.স.): লক্ষিমপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৰ সমন্বয়ৰ স্থলী বান্দৰদেৱাৰ বিহু বাকৰিত আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ হাৰমতী আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বান্দৰদেৱা বাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হয় ৰঙালী বিহু আদৰণী উৎসৱ।

পুৱা সংগঠনৰ পতাকা উত্তোলন কৰে আঞ্চলিকৰ সভাপতি ৰুবুল বৰুৱাই, বিহুৰ পতাকা উত্তোলন কৰে জিলা সমিতিৰ যুটীয়া সম্পাদক ৰাজু পুৰ্ত্তিয়ে।স্বহীদ তৰ্পন কৰে হাৰমতী আঞ্চলিকৰ সভাপতি পল্লৱ জ্যোতি বৰা, খেৰাজখাট আঞ্চলিকৰ সভাপতি দিব্যজ্যোতি বৰুৱাই। মঞ্চ উদ্বোধন কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক প্ৰদীপ শৰ্ম্মাই,আদৰণী আসন প্ৰদান কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি হিৰন্য দত্তই।

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ


 rajesh pande