গৌৰীপুৰত আৰক্ষীৰ অভিযানত দুটা চোৰাং গৰু সহ এজন গো সৰবৰাহকাৰী আটক
ধুবুৰী, ২৯ মাৰ্চ(হি.স.)। গৌৰীপুৰ আলমগঞ্জ মুৰালীঘাটৰ নৈ পাৰৰ পৰা দুটাকৈ চোৰাং গৰুৰ লগতে এজনকৈ গো সৰবৰ
গৌৰীপুৰত আৰক্ষীৰ অভিযানত দুটা চোৰাং গৰু সহ এজন গো সৰবৰাহকাৰী আটক


ধুবুৰী, ২৯ মাৰ্চ(হি.স.)। গৌৰীপুৰ আলমগঞ্জ মুৰালীঘাটৰ নৈ পাৰৰ পৰা দুটাকৈ চোৰাং গৰুৰ লগতে এজনকৈ গো সৰবৰাহকাৰীক আটক কৰে গৌৰীপুৰ আৰক্ষীয়ে। চোৰাং গৰুৰ বিৰুদ্ধে গৌৰীপুৰ আৰক্ষীৰ অভিযান। অভিযানত জব্দ দুটাকৈ চোৰাং গৰুৰ লগতে এজন গো সৰবৰাহকাৰীক।

আজি গৌৰীপুৰ আৰক্ষী আৰু স্থানীয় ভিডিপি ৰ সহযোগত এক গোপন অভিযানৰ ভিত্তিত আলমগঞ্জ মুৰালীঘাট অঞ্চলৰ পৰা দুটাকৈ চোৰাং গৰুৰ লগতে এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন এজন সৰবৰাহকাৰী ক্ৰমে হেলাল উদ্দীনৰ ঘৰ খুটাবাগৰা প্ৰথম খণ্ডত বুলি জনাই দিয়ে। ইতিমধ্যে গৌৰীপুৰ আৰক্ষীয়ে চোৰাং গৰু কেইটাৰ লগতে গো সৰবৰাহকাৰী এজনক থানালৈ আনি অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/আলোক.


 rajesh pande