ধূপধৰাত সংঘটিত এক পথ দুৰ্ঘটনাত নিহত এজন,আহত এজন
গোৱালপাৰা,২৯ মাৰ্চ (হি.স.)। ধূপধৰা থানাৰ অন্তৰ্গত দেওশিলাৰ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱা সংঘটি
ধূপধৰাত সংঘটিত এক পথ দুৰ্ঘটনাত নিহত এজন,আহত এজন


গোৱালপাৰা,২৯ মাৰ্চ (হি.স.)। ধূপধৰা থানাৰ অন্তৰ্গত দেওশিলাৰ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱা সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত অসম আৰক্ষীৰ এজন কমাণ্ডো জোৱানে অকাল মৃত্যুক সাৱটি ল'বলগীয়া হোৱাৰ লগতে আন এজন যুৱক গুৰুতৰভাৱে আহত হয়। নিহত জোৱান জন হ'ল ৰংজুলিৰ সমীপৰ শিকিয়াজুলি চৌকাবড়ীৰ ধ্ৰুৱজ্যোতি ৰাভা(২৫) বূলি জানিব পৰা গৈছে। দুৰ্ঘটনাত আন এজন যুৱক গুৰুতৰভাৱে আহত হয়। আহত যুৱকজন একে গাঁৱৰে ২২ বছৰীয়া পৰাগজ্যোতি ৰাভা।

জানিব পৰা মতে বাইকেৰে ১৭ নং ৰাষ্ট্ৰীয় ঘাই পথেৰে গৈ থকা অৱস্থাত দেওশীলা নৈৰ দলঙৰ পৰা কিছু নিলগত কোনো অচিনাক্ত বাহনে খুন্দামৰাৰ ফলতে সংঘটিত হোৱা দুৰ্ঘটনাটোত জোৱান জন থিতাতে নিহত হোৱাৰ লগতে আন জন যুৱক গুৰুতৰ ভাৱে আহত হয়। পিছত ঘটনাস্হলীত স্হানীয় আৰক্ষী উপস্হিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে গুৰুতৰভাৱে আহত যুৱকজনক প্ৰথমে ধূপধৰা চিকিৎসালয়ত ভৰ্তি কৰে আৰু পৰৱৰ্তী পৰ্যায়ত সংকটজনক অৱস্হাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ/ৰমেন/আলোক.


 rajesh pande