বিজনীৰ আলুখুন্দাত তিনি সহস্ৰাধিক ৰাইজৰ উপস্থিতিত প্ৰমোদ বড়োৰ নিৰ্বাচনী জনসভা
চিৰাং, ২৯ এপ্ৰিল(হি.স.)। কোকৰাঝাৰ লোকসভা সমষ্টিৰ এনডিএ ৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ সমৰ্থনত আজি অনুষ্ঠ
বিজনীৰ আলুখুন্দাত তিনি সহস্ৰাধিক ৰাইজৰ উপস্থিতিত প্ৰমোদ বড়োৰ নিৰ্বাচনী জনসভা


চিৰাং, ২৯ এপ্ৰিল(হি.স.)। কোকৰাঝাৰ লোকসভা সমষ্টিৰ এনডিএ ৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ সমৰ্থনত আজি অনুষ্ঠিত হয় এক বিশাল জনসভা। দৰং-ওদালগুৰি আৰু কোকৰাঝাৰ সমষ্টিত ৩ লক্ষাধিক ভোটত জয়লাভ কৰিব এনডিএ ৰ প্ৰাৰ্থী গৰাকী।বিগত দহটা বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মানুহৰ মন জয় কৰিব পাৰিছে, অসমত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দ্বায়িত্ব গ্ৰহণ কৰা পিছত সকলো জনগোষ্ঠীৰ মানুহৰ মন জয় কৰিব পাৰিছে, যিমান উন্নয়নৰ কাম হৈছে, অৰুণোদয় দিছে, ধন নোলোৱাকৈ হেজাৰ হেজাৰ যুৱক যুৱতীয়ে চাকৰি পাবলৈ সক্ষম হৈছে, ইয়াৰ বাবে সকলো ৰাইজে ট্ৰেক্টৰৰ ছবিত ভোট দিবলৈ ওলাইছে বুলি মন্তব্য প্ৰমোদ বড়োৰ।

ইয়াৰ বাবে প্ৰধানমন্ত্ৰী মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা প্ৰকাশ প্ৰমোদ বড়োৰ। এণ্টনী নাৰ্জাৰীয়ে টকাৰ ওপৰত শোৱা সন্দৰ্ভত কয় যে তেওঁ ইউপিপিএলৰ নেতা নহয়, তেওঁক কোনোবাই দিয়া, মানুহ আহে আৰু যায়, কাৰ কি মতলব থাকে বুজা নাযায়, ইয়ে দলৰ একো প্ৰভাৱ নেপেলায়।

হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/অৰৱিন্দ


 rajesh pande