হোজাইৰ নতুন বজাৰৰ সমীপত বিদ্যুতপৃষ্ঠ হৈ নিহত এজন
হোজাই,২৯ এপ্ৰিল (হি.স.)। হোজাইৰ নতুন বজাৰস্হিত তাৰা মিলৰ সমীপত আজি এক অঘটন সংঘটিত হয়। বিদ্যুৎ বিভাগৰ
হোজাইৰ নতুন বজাৰৰ সমীপত বিদ্যুতপৃষ্ঠ হৈ নিহত এজন


হোজাই,২৯ এপ্ৰিল (হি.স.)। হোজাইৰ নতুন বজাৰস্হিত তাৰা মিলৰ সমীপত আজি এক অঘটন সংঘটিত হয়। বিদ্যুৎ বিভাগৰ মেৰামতিৰ কাম কৰিবলৈ আহি বৈদ্যুতিক খুটাৰ তাৰত ওলমি ৰল হোজাই বিদ্যুৎ বিভাগৰ কৰ্মৰত কৰ্মচাৰী।

প্ৰায় ২০ মিনিট সময় খুটাতেই ওলমি ৰল বিদ্যুৎপৃষ্ঠ ব্যক্তিজন। বৰ্তমানলৈ জানিব পৰা হোৱা নাই বিদ্যুতপৃষ্ঠ হোৱা লোকজনৰ পৰিচয়। পৰৱৰ্তী সময়ত স্থানীয় ৰাইজ আৰু বিদ্যুত বিভাগৰ লোকে লোকজনক উদ্ধাৰ কৰি প্ৰেৰণ কৰে চিকিৎসালয়লৈ। বিদ্যুৎ বিভাগৰ এনে কৰ্ম কাণ্ডক লৈ হোজাইত বৰ্তমান সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/অৰৱিন্দ


 rajesh pande