বজালীৰ সৰুপেটাত বিজেপি মিত্ৰজোঁটৰ নিৰ্বাচনী প্ৰচাৰ সভাত মূখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মা
বৰপেটা, ২৯ এপ্ৰিল (হি.স.)। ঘৰৰ নামত পঞ্চায়তক টকা দিব লাগে বাবে দুখীয়া মানুহে ঘৰ নাপায় এইবাৰ পঞ্চা
বজালীৰ সৰুপেটাত বিজেপি মিত্ৰজোঁটৰ নিৰ্বাচনী প্ৰচাৰ সভাত মূখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মা


বৰপেটা, ২৯ এপ্ৰিল (হি.স.)। ঘৰৰ নামত পঞ্চায়তক টকা দিব লাগে বাবে দুখীয়া মানুহে ঘৰ নাপায় এইবাৰ পঞ্চায়তত জিঅ টেগৰ মানুহ নাথাকে। আৱাস গৃহ লাভৰ বাবে ঘৰৰ জিও টেগিং মহিলা আত্ম সহায়ক গোটৰ জৰিয়তে কৰা হৱ। আজি বজালীৰ সৰুপেটাত বিজেপি মিত্ৰজোঁটৰ নিৰ্বাচনী প্ৰচাৰ সভাত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এইদৰে মন্তব্য কৰে। বিজেপি মিত্ৰজোতৰ প্ৰাথী ফনীভূষন চৌধুৰীৰ হৈ মূখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচাৰ। সভাত উপস্থিত মন্ত্রী ৰনজিত কুমাৰ দাস, কেশব মহন্ত, বিধায়ক ফনী তালুকদাৰ সমন্বিতে কেবাগৰাকী নেতা। প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক সুৰক্ষা দি আহিছে। নিৰ্বাচনৰ পিছত ৫০ হাজাৰ চাকৰি দিম। অসম আজি এখন আদৰ্শ ৰাজ্য।

ধুতি, লুঙি,সূতা আচনি কংগ্রেছৰ আছিল। আমি অৰুণোদয় দিছো। ২ মাহৰ ভিতৰত ৰেচন কাৰ্ড নোহোৱা সকলক ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিবলৈ মূখ্যমন্ত্রীয়ে বিধায়ক ফনীক মঞ্চতে কলে। মোদীয়ে পাকিস্থানত গৈ বোমা ফুটাৱ পাৰে। কোভিদৰ সময়ত মোদী নহলে ৰাহুল গান্ধী থাকিলে কিমান মানুহ মৰিলে হয় তাৰ হিচাপ নহল হয়। মোদী থকা বাবে আমি সুৰিক্ষিত অনু্ভৱ কৰো।মোদীৰ মিটিংবোৰত মোদীৰ পৰিয়ালৰ সদস্য সকল উপস্থিত থাকে ।এতিয়া অসমত বোমৰ আলোচনা নহয় চাকৰি অৰুণোদয়,লাখপতি বাইদেউৰ আলোচনা হয়।অসমত আলোচনা সলনি হৈছে।এইৱাৰ বিহুৰ সময়ত বন্দুকৰ মাত নাই এইবাৰ কুলি চৰাই মাতত বিহু পাতিছে।ভৱানীপুৰ সৰুপেটাত ফণী তালুকদাৰৰ নিৰ্ৱাচনৰ সময়ত দিয়া প্ৰতিস্তুতি আখৰে আখৰে পূৰণ কৰিছে

হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/অৰৱিন্দ


 rajesh pande