ধুবুৰী-বঙাইগাঁও সীমান্তৰ এজন ছাত্ৰই নিজ ঘৰতেই সাজিছে চিৰিয়াখানা
ধুবুৰী, ২৯ এপ্ৰিল (হি.স.)।হয় আপুনি যি শুনিলে ঠিকেই শুনিলে, বিজ্ঞানৰ ছাত্ৰ মাজাহাৰুল ইছলাম সৰকাৰে নিজ
ধুবুৰী-বঙাইগাঁও সীমান্তৰ এজন ছাত্ৰই নিজ ঘৰতেই সাজিছে চিৰিয়াখানা


ধুবুৰী, ২৯ এপ্ৰিল (হি.স.)।হয় আপুনি যি শুনিলে ঠিকেই শুনিলে, বিজ্ঞানৰ ছাত্ৰ মাজাহাৰুল ইছলাম সৰকাৰে নিজ ঘৰতে সাজি লৈছে এখন মিনি চিৰিয়াখানা।উল্লেখযোগ্য যে বঙাইগাঁও জিলাৰ নিত্যবজাৰৰ কায়েথপাৰাৰ এজন শিক্ষিত যুৱকে চৰাই চিৰিকতিৰ প্ৰেমত পৰি নিজ ঘৰতেই সাজিছে এখন মিনি চিৰিয়াখানা।যুৱকজনে ছাত্র জীৱনৰ পৰাই চৰাই চিৰিকতিৰ প্ৰেমত মুগ্ধ হৈ কৰিছে এই কাম । যিফালে চকু ফুৰাই সেইফালেই কেবল চৰাই চিৰিকতি।

চৰাইৰ মাতত পুৱা সাৰ পায় এইজন যুৱক মাজাহাৰুল ইছলাম। মনত প্ৰবল ইচ্ছাশক্তি থাকিলে যে পঢ়াৰ মাজেদিও কিবা এটা কৰিব পাৰি তাকে প্ৰমান কৰিছে এইজন মাজাহাৰুল ইছলামে। পক্ষী প্ৰেমৰ এক উৎকৃষ্ট উদাহৰণ হিচাপে নিজকে দাঙি ধৰিবলৈও সক্ষম হৈছে এইজন যুৱক মাজাহাৰুল ইছলাম। যুৱকজনৰ ঘৰত চৰাই চিৰিকতি চাবলৈ প্ৰতিদিনে আহে প্ৰায় এশজন মানুহ। চৰকাৰৰ ফালৰ পৰাও যুৱকজনে পাইছে কিছু আৰ্থিক সাহাৰ্য্য।

হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/অৰৱিন্দ


 rajesh pande