মণিপুৰ আৰক্ষীৰ ৩৪৭জন লোকক আটক
ইম্ফল, ২৯ মাৰ্চ (হি.স.)। মণিপুৰ আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন জিলাৰ স্পৰ্শকাতৰ আৰু দুৰ্গম অঞ্চলত তীব্ৰ অভ
মণিপুৰ আৰক্ষী


ইম্ফল, ২৯ মাৰ্চ (হি.স.)। মণিপুৰ আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন জিলাৰ স্পৰ্শকাতৰ আৰু দুৰ্গম অঞ্চলত তীব্ৰ অভিযান আৰু তালাচী অভিযান চলায়। এই অভিযানত ভাৰতীয় ন্যায়িক সংহিতাৰ বিভিন্ন ধাৰা উলংঘা কৰাৰ অপৰাধত ২৪৭ জন লোকক আটক কৰা হয়।

আজি আৰক্ষীয়ে জনোৱা মতে, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াই নিয়া ৩০১ খন আৰু ২ নং ৰাষ্ট্ৰীয় ঘাইপথত ২৫৬ খন বাহনৰ চলাচল নিশ্চিত কৰা হৈছে। যান-বাহনৰ মুক্ত আৰু নিৰাপদ চলাচল নিশ্চিত কৰিবলৈ সকলো স্পৰ্শকাতৰ স্থানত কঠোৰ সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। স্পৰ্শকাতৰ অঞ্চলত বৃহৎ পৰিসৰত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে, মণিপুৰৰ বিভিন্ন জিলাত পাহাৰ আৰু উপত্যকা উভয়তে ১৩০টা চেকপইণ্ট আৰু চেকপোষ্ট স্থাপন কৰা হৈছে।

হিন্দুস্থান সমাচাৰ/শ্ৰীপ্ৰকাশ/মনোজ/অৰবিন্দ


 rajesh pande