ইউপিপিএল দলৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ মহামায়া দেৱালয় পৰিদৰ্শন
ধুবুৰী,২৯ মাৰ্চ (হি.স.)। মা মহামায়াৰ আশীষ বিচাৰি মা'ৰ মন্দিৰত উপস্থিত ১ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ এ
ইউপিপিএল দলৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ মহামায়া দেৱালয় পৰিদৰ্শন


ধুবুৰী,২৯ মাৰ্চ (হি.স.)। মা মহামায়াৰ আশীষ বিচাৰি মা'ৰ মন্দিৰত উপস্থিত ১ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ এনডিএ মিত্ৰজোঁটোৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী। বিলাসীপাৰাৰ সীমান্তৱৰ্তী শক্তিৰ পীঠস্থান মা মহামায়া দেৱালয়ত মাৰ চৰণত সেৱা জনাই মাৰ আশীষ বিচাৰিলে ইউপিপিএল দলৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী।

মা'ৰ আশীষ লৈ জয়ন্ত বসুমতাৰী কয় যে, এইবাৰ আমি ৭০% ভোট পাম, ৭০% ভোট পোৱাৰ পিছত কাৰো সৈতে প্ৰতিদ্বন্দিতা হব বুলি মই নাভাৱো। বিটিআৰত বি পি এফ দলৰ সৈতে এ আই ইউ ডি এফ দলৰ মিত্ৰতা প্ৰসংগত প্ৰাৰ্থী গৰাকীয়ে কয়, বি পি এফ দলে যিকোনো দলৰ সৈতে মিত্ৰতা নকৰক কিয়, এনডিএ ক পৰাভূত কৰিব নোৱাৰে। এইবাৰ ইউ পি পি এলৰ মূল এজেণ্ডা হব শান্তি প্ৰগতি আৰু উন্নয়ণ।

হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/আলোক.


 rajesh pande