গোৱালপাৰা চহৰৰ ভাটিপাৰাত অগপৰ নিৰ্বাচনী সভা
ধুবুৰী, ২৯ এপ্ৰিল (হি স)। ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত গোৱালপাৰা চহৰৰ ভাটিপাৰাত অগপ দলৰ নিৰ্বাচনী
গোৱালপাৰা চহৰৰ ভাটিপাৰাত অগপৰ নিৰ্বাচনী সভা


ধুবুৰী, ২৯ এপ্ৰিল (হি স)। ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত গোৱালপাৰা চহৰৰ ভাটিপাৰাত অগপ দলৰ নিৰ্বাচনী সভা অনুষ্ঠিত হয়। সভাত প্ৰাৰ্থী জাভেদ ইছলামৰ হৈ প্ৰচাৰ চলায় দলটোৰ সভাপতি মন্ত্ৰী অতুল বৰাই।

সভাত অতুল বৰাই বৰপেটাত দলটোৱে এশ শতাংশই জয়ী হোৱাৰ দৃঢ়তা ব্য়ক্ত কৰে। তেওঁ কয় যে বৰপেটাত কংগ্ৰেছ আৰু চিপিআইএমৰ প্ৰাৰ্থীৰ কোনো কাম নহ’ব। ধুবুৰীতো আমাৰ প্ৰাৰ্থী জাভেদ ইছলাম জয়ী হ’ব। মুখ্যমন্ত্ৰীয়ো এইবাৰ ধুবুৰীক লৈ যথেষ্ট গুৰুত্ব দিছে। ধুবুৰীত মুখ্যমন্ত্ৰীৰ কেবাখনো নিৰ্বাচনী সভা আছে। ৰকিবুলে স্বয়ং কাজিৰঙাৰ ঘৰৰ কাষতে থকা গঁড়ক সুৰক্ষা দিব পৰা নাই আৰু ধুবুৰীৰ জনতাক কি সুৰক্ষা দিব বুলি প্ৰশ্ন তোলে মন্ত্ৰী অতুল বৰাই।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ


 rajesh pande