অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ উপস্থিতিত শালবাৰী বাথৌ মন্দিৰত বড়ো দেউৰীলৈ পৰিচয় পত্ৰ প্ৰদান
বাক্সা, ২৯ এপ্ৰিল(হি.স.)। বাক্সা জিলাৰ শালবাৰীৰ বাথৌ মন্দিৰত আজি বড়ো জনগোষ্ঠী বাথৌ ধৰ্মালম্বীৰ বড়ো
অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ উপস্থিতিত শালবাৰী বাথৌ মন্দিৰত বড়ো দেউৰীলৈ পৰিচয় পত্ৰ প্ৰদান


বাক্সা, ২৯ এপ্ৰিল(হি.স.)। বাক্সা জিলাৰ শালবাৰীৰ বাথৌ মন্দিৰত আজি বড়ো জনগোষ্ঠী বাথৌ ধৰ্মালম্বীৰ বড়ো দেউৰী সকলক পৰিচয় পত্ৰ প্ৰদান অনুষ্ঠান এটি অনুষ্ঠিত হৈ যায়। বড়ো জনগোষ্ঠীৰ কেইবা গৰাকী দেউৰী অথবা পূজাৰীক পৰিচয় প্ৰদান কৰা অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে অংশগ্ৰহণ কৰি সাংবাদিকৰে হোৱা বাৰ্তালাপত কয়, আজি শালবাৰী বাথৌ মন্দিৰত বাথৌ মহাসভাৰ তৰফৰ পৰা বাথৌ ধৰ্মালম্বী বড়ো দেউৰী অথবা পূজাৰী সকলক একোখনকৈ পৰিচয় পত্ৰ প্ৰদান কৰা হয়। বৰ্তমান সময়ত আমি কেবল সামাজিক ৰীতি নীতিৰে কাম কৰি থাকিব নোৱাৰো। আইনে বিচৰা অনুসৰি স্বীকৃতি প্ৰাপ্ত হ'ব লাগে।

বৰ্তমান বিয়া বাৰুৰ ক্ষেত্ৰত অতিকৈ সতৰ্কতা আহিছে বুলি উল্লেখ কৰি অধ্যক্ষ দৈমাৰীয়ে পুনৰ কয়, ছোৱালী বিয়া দিলেও বিয়া দিয়া মানুহজন স্বীকৃতিপ্ৰাপ্ত হ'ব লাগিব। সেয়ে দেউৰী গৰাকীও স্বীকৃতিপ্ৰাপ্ত হ'ব লাগে হেতুকে আজি বাথৌ মহাসভাৰ তৰফৰ পৰা স্বীকৃতি পত্ৰ প্ৰদান কৰা হয়। ইয়াৰ জৰিয়তে ধৰ্মৰ কাম কৰা ব্যক্তি সকলৰ ধৰ্মীয় ৰীতি নীতিৰ মাজেৰে কাম কৰি যাবলৈ যথেষ্ট সুবিধা হ'ব। নিৰ্বাচন অসমত শান্তিপূৰ্ণভাৱে চলি আছে বুলি উল্লেখ কৰি অধ্যক্ষ দৈমাৰীয়ে পুনৰ কয়, মই ভাবো এই নিৰ্বাচনৰ জৰিয়তে ৰাইজে এজন ভাল নেতা আৰু এখন ভাল চৰকাৰ পাবলৈ সক্ষম হ'ব। ভাৰতৰ অৰ্থনীতি বিশ্বৰ ভিতৰত পঞ্চম স্থান পাবলৈ সক্ষম হৈছে। একেদৰে আমাৰ অসমতো দেশৰ বিভিন্ন ৰাজ্যৰ দৰে উৰণীয়া সেতুৰ পৰা বিভিন্ন দিশত দ্ৰুতগতিত উন্নতি হৈ আহিছে। বিভিন্ন আঁচনিৰ জৰিয়তে ব্যক্তিগত জীৱনো সুখী কৰি তুলিব পাৰিছে। এইবাৰ মিত্ৰজোঁটৰ খুব ভাল ৰিজাল্ট হ'ব। সভাত কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ/ৰমেন/মনোজ


 rajesh pande