পৰ্ব্বতঝোৰাত অনুষ্ঠিত নিৰ্বাচনী জনসভাত ব্যাপক নিৰ্বাচনী প্ৰচাৰ বিটিআৰৰ প্ৰধান প্ৰমোদ বড়োৰ
কোকৰাঝাৰ, ২৯ এপ্ৰিল (হি.স.)। আজি পৰ্ব্বতঝোৰা জিলা ইউ পি পি এল দলৰ উদ্যোগত বিশাল নিৰ্বাচনী সভা অনুষ্ঠ
পৰ্ব্বতঝোৰাত অনুষ্ঠিত নিৰ্বাচনী জনসভাত ব্যাপক নিৰ্বাচনী প্ৰচাৰ বিটিআৰৰ প্ৰধান প্ৰমোদ বড়োৰ


কোকৰাঝাৰ, ২৯ এপ্ৰিল (হি.স.)। আজি পৰ্ব্বতঝোৰা জিলা ইউ পি পি এল দলৰ উদ্যোগত বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয় । দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাই বিটিআৰৰ প্ৰধান প্ৰমোদ বড়োৱে। বিটিআৰ প্ৰধান প্ৰমোদ বড়োয়ে দহ হেজাৰৰ অধিক জনতাৰ মাজত বিশাল নিৰ্বাচনী প্ৰচাৰ চলায়।

সভাত উপস্থিত থাকে ইউ পি পি এল দলৰ নেতা কৰ্মী সকল। মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী তিনি লাখৰ অধিক সংখ্যক ভোটত জয়ী হ’ব বুলি মন্তব্য কৰে প্ৰধান প্ৰমোদ বড়োৱে। আনহাতে নিৰ্বাচনৰ পিছত হাগ্ৰামা মহিলাৰীৰ ৰাজনীতি অন্ত পৰিব বুলি মন্তব্য প্ৰকাশ কৰে বিটিআৰৰ প্ৰধান গৰাকীয়ে। হাগ্ৰামা মহিলাৰীৰ নাঙল শেষ হ’ব বুলিও কয় বিটিআৰৰ প্ৰধান প্ৰমোদ বড়োৱে।

হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/মনোজ


 rajesh pande