তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰস্তুতি পৰ্বৰ বুজ ল'বলৈ চিৰাঙত উপস্থিত ৰাজ্যিক নিৰ্বাচন বিষয়া অনুৰাগ গোৱেল
–তৃতীয় লোকসভা নিৰ্বাচনৰ বাবে সাজু নিৰ্বাচন বিভাগ চিৰাং, ২৯ এপ্ৰিল (হি স)। কোকৰাঝাৰ লোকসভা সমষ্টিৰ অ
তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰস্তুতি পৰ্বৰ বুজ ল'বলৈ চিৰাঙত উপস্থিত ৰাজ্যিক নিৰ্বাচন বিষয়া অনুৰাগ গোৱেল


–তৃতীয় লোকসভা নিৰ্বাচনৰ বাবে সাজু নিৰ্বাচন বিভাগ

চিৰাং, ২৯ এপ্ৰিল (হি স)। কোকৰাঝাৰ লোকসভা সমষ্টিৰ অধীনৰ তিনিটাকৈ বিধানসভা সমষ্টিৰ নিৰ্বাচন প্ৰস্তুতি সম্পৰ্কে বুজ ল’বলৈ চিৰাং -কোকৰাঝাৰ জিলাত অসমৰ মুখ্য নিৰ্বাচন বিষয়া অনুৰাগ গোৱেল ৷ মুখ্য নিৰ্বাচন বিষয়া অনুৰাগ গোৱেলে আজি গোসাইগাঁও, বিজনী নিৰ্বাচনী জিলা পৰিভ্ৰমণ কৰাৰ পাছতে চিদলী-চিৰাং নিৰ্বাচন জিলাৰ প্ৰস্তুতি সম্পৰ্কে চিৰাঙৰ সদৰ কাজলগাঁৱত জিলা নিৰ্বাচনী বিষয়া পি বিজয় ভাস্কৰ ৰেড্ডী, চিৰাঙৰ আৰক্ষী অধীক্ষক প্ৰাণজিত বৰা সহিতে বিষয়া সকলৰ স''তে বিভিন্ন কোষৰ অগ্ৰগতিৰ বুজ লয় ।

এই বৈঠকৰ অন্তত ৰাজ্যিক নিৰ্বাচন বিষয়া অনুৰাগ গোৱেলে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, সমাগত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে নিৰ্বাচন বিভাগৰ পৰা সাজু হৈছে ৷ আজি গোসাইগাঁও, বিজনীৰ পাছত চিদলী- চিৰাং বিধানসভা সমষ্টিৰ কাজলগাঁও জিলা কেন্দ্ৰত স্থাপন কৰা ষ্ট্ৰং ৰূম আৰু ভোট গণনা কেন্দ্ৰ পৰিদৰ্শন কৰে ৷ নিৰ্বাচন বিভাগৰ পৰা শান্তিপূৰ্ণ আৰু মুক্ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷

তেওঁ কয়, সমষ্টি সমূহত ভোট গ্ৰহণৰ বাবে পৰ্যাপ্ত পৰিমাণে ই ভি এম মজুত কৰা হৈছে ৷ ভোট গ্ৰহণ কেন্দ্ৰলৈ যোৱা সকলো বাহনতে জিপিএছ (GPS) সংযোগ কৰা হৈছে ৷ কোনো ইভিএমৰ কাৰিকৰী বিজুতি ঘটিলে ইয়াৰ বাবে তৎক্ষাণিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷ অসমৰ নিৰ্বাচন বিষয়া অনুৰাগ গোৱেলে সকলো নাগৰিকক ৭ মে’ৰ দিনা ওলাই আহি নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায় ৷

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ


 rajesh pande