শিঙিমাৰীত ড্ৰাগছ আৰু অবৈধ চুলাই মদৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ অভিযান
কামৰূপ, ২৯ মাৰ্চ (হি স)। কামৰূপ জিলাৰ শিঙিমাৰীৰ বণিয়া চুবাত অবৈধ মদৰ ঘাটিত অঞ্চলটোৰে স্থানীয় ৰাইজে অ
শিঙিমাৰীত ড্ৰাগছ আৰু অবৈধ চুলাই মদৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ অভিযান


কামৰূপ, ২৯ মাৰ্চ (হি স)। কামৰূপ জিলাৰ শিঙিমাৰীৰ বণিয়া চুবাত অবৈধ মদৰ ঘাটিত অঞ্চলটোৰে স্থানীয় ৰাইজে অভিযান চলায়। শিঙিমাৰীত ড্ৰাগছ আৰু অবৈধ চুলাই মদৰ ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ মাজতে অভিযানকাৰী দলটোৱে অবৈধ ভাৱে মদ বিক্ৰী কৰা পৰিয়াল সমূহৰ ঘৰে ঘৰে গৈ সকিয়নী প্ৰদান কৰে ।

উল্লেখ্য় যে স্থানীয় ৰাইজে ওচৰতে থকা দদৰা আৰক্ষীক বহুবাৰ অভিযোগ দিয়াৰ পিচতো কোনো ধৰণৰ ফল নাপাই অৱশেষত নিজেই ওলাল আহিল যুৱক - যুৱতী তথা মহিলাসকল । তেওঁলোকৰ অভিযোগ চুলাই মদেই নহয়, অঞ্চলটোত গঢ় লৈ উঠিছে নৱ প্ৰজন্মক ধ্বংস মুখলৈ ঠেলি দিয়া ড্ৰাগছৰ ঘাটি । শিঙিমাৰী হাইস্কুলৰ নিচেই কাষতে এনেদৰে চুলাই মদ আৰু ড্ৰাগছৰ অবৈধ বেহাৰ বিৰুদ্ধে কোনো ব্যৱস্থা নলয় আৰক্ষীয়ে ।

ইফালে স্থানীয় ৰাইজৰ অভিযানৰ পিচতে মদ ব্যৱসায়ী মহিলা সকলে ভৱিষ্যতে মদৰ ব্যৱসায় বন্ধ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। আৰক্ষী প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজে এই চুলাই মদৰ ঘাটি বন্ধ কৰাৰ দাবীত কামৰূপ আয়ুক্তকো স্মাৰকপত্ৰ প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে ৷

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ


 rajesh pande