গোলাঘাটৰ কালিয়নী গুটিবাৰীত নাহৰফুটুকীৰ মৃত্যু
গোলাঘাট, ২৯ মাৰ্চ (হি স)। গোলাঘাটৰ কালিয়নী গুটিবাৰীত এটি নাহৰফুটুকী বাঘ মৃত্যুমুখত পৰিছে। গোলাঘাট বন
গোলাঘাটৰ কালিয়নী গুটিবাৰীত নাহৰফুটুকীৰ মৃত্যু


গোলাঘাট, ২৯ মাৰ্চ (হি স)। গোলাঘাটৰ কালিয়নী গুটিবাৰীত এটি নাহৰফুটুকী বাঘ মৃত্যুমুখত পৰিছে। গোলাঘাট বন সংমণ্ডলৰ বকিয়াল খণ্ড বন কাৰ্যালয়ৰ অধীনৰ দুই নং বুঢ়াগোহাঁইখাটৰ কালিয়নী বাগিচাৰ গুটিবাৰীত আজি এটা নাহৰফুটুকী বাঘৰ মৃতদেহ উদ্ধাৰ হয় ৷

দুটা বাঘৰ কাজিয়াৰ ফলতে বাঘটোৰ মৃত্যু হোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে ৷ ইতিমধ্যে বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰখাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে ৷ মৰণোত্তৰ পৰীক্ষাৰ অন্ততহে নাহৰফুটুকীটোৰ মৃত্যুৰ কাৰণ পোহৰলৈ আহিব ৷

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ


 rajesh pande