বাক্সাৰ বৰমাত এন ডি এ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ বিটিআৰ চিফ প্ৰমোদ বড়োৰ নিৰ্বাচনী প্ৰচাৰ
বাক্সা, ২৯ এপ্ৰিল (হি স)। বাক্সা জিলাৰ বৰমাত আজি কোকৰাঝাৰ লোকসভা সমষ্টিৰ এন ডি এ সমৰ্থিত প্ৰাৰ্থী জ
বাক্সাৰ বৰমাত এন ডি এ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ বিটিআৰ চিফ প্ৰমোদ বড়োৰ নিৰ্বাচনী প্ৰচাৰ


বাক্সা, ২৯ এপ্ৰিল (হি স)। বাক্সা জিলাৰ বৰমাত আজি কোকৰাঝাৰ লোকসভা সমষ্টিৰ এন ডি এ সমৰ্থিত প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হকে এক নিৰ্বাচনী সভা অনুস্থিত হয় ৷ সভাত বিটিআৰৰ চিফ প্ৰমোদ বড়োৱে উপস্থিত থাকি বিজেপিৰ প্ৰতি ৰাইজৰ আস্থা আৰু বিশ্বাস আছে বাবে প্ৰধানমন্ত্ৰী মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে ৰাইজে পাব বিছাৰিছে বুলি কয় ৷

প্ৰধান মন্ত্ৰীয়ে ভাৰতবৰ্ষখন বিকশিত কৰিব বিছাৰিছে ৷ বিটিআৰ অঞ্চলত বিজেপি, ইউপিপিএল, এজিপি মিলি বিটিআৰ অঞ্চলৰ ৩৫ লাখ লোকক শান্তি সম্প্ৰিতী আৰু উন্নতিৰ হকে কাম কৰি আছে বুলি ভাষণ প্ৰসঙ্গত উল্লেখ কৰিছে ৷ লোকসভা নিৰ্বাচনৰ পিছত হাগ্ৰামা মহিলাৰী বিছিন্ন হৈ যাব ৷ হাগ্ৰামাই এতিয়া সৰু ল'ৰাৰ নিছিনা কথা কয় ৷ লোকসভাৰ পিছত হাগ্ৰামা বুলি কোৱা মানুহজনৰ নাম নহোৱা হৈ যাব ৷ হাগ্ৰাম মহিলাৰীক ১৭ বছৰে ৰাইজে মৰম দিলে, কিন্তু হাগ্ৰামাই কি দিলে মানুহক, তেওঁৰ দিনতে জাতি জনগোষ্ঠীৰ মাজত হত্যা আৰু হিংসা কাৰ্য সংঘটিত হল ৷ হাগ্ৰামা বুলি বিটিআৰত ৰজা নাথাকিব বুলি কৈ হাগ্ৰামা ইতিহাস হৈ ৰ’ব বুলি কয় প্ৰমোড বড়োৱে।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ


 rajesh pande