কংগ্ৰেছৰ পঞ্চামৃতৰ ৰাজনীতি এইবাৰ নচলিবঃ মুখ্যমন্ত্ৰী
কামৰূপ, ২৯ এপ্ৰিল(হি.স.)। কামৰূপৰ হালোগাঁৱত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক বিশাল নিৰ্বাচনী স
কংগ্ৰেছৰ পঞ্চামৃতৰ ৰাজনীতি এইবাৰ নচলিবঃ মুখ্যমন্ত্ৰী


কামৰূপ, ২৯ এপ্ৰিল(হি.স.)। কামৰূপৰ হালোগাঁৱত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক বিশাল নিৰ্বাচনী সভাত অংশ লয়। বৰপেটা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীয়ে এইবাৰ ৫০ হাজাৰ চৰকাৰী চাকৰি দিব বুলি ব্য়ক্ত কৰে।

তেও কয়, “কংগ্ৰেছৰ পঞ্চামৃতৰ ৰাজনীতি এইবাৰ নচলিব লুঙি, ধুতি, আঠুৱা, কম্বল আৰু সূতা হৈছে কংগ্ৰেছৰ পঞ্চামৃত, অখিল গগৈ, ৰকিবুল, আজমল, শুকুৰ আলী ৰাজনৈতিক ভাৱে ফালটু ব্যক্তি, তিনি গগৈয়ে নিৰ্বাচনত কোনো প্ৰভাৱ পেলাব নোৱাৰে, কিয়নো বিজেপিৰ আছে ছয় গগৈ”। এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ইফালে মুখ্যমন্ত্ৰী অহাৰ পূৰ্বে হাজোৰ বিধায়িকাই অগপ-বিজেপি সমৰ্থকৰ সন্মুখত বিহু নাচি নিৰ্বাচনী প্ৰচাৰ চলায়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ/ৰমেন/মনোজ


 rajesh pande