বোকাখাতৰ কৰৈআটি গাঁৱত শ্ৰীমদ্ভাগৱত অবিৰত পাঠ অনুষ্ঠান
গোলাঘাট, ২৯ মাৰ্চ (হি স)। সাধাৰণতে চ’ত মাহ বুলিলে এক আধ্যাত্মিক মাহ বুলিয়েই কোৱা হয় ৷ হিন্দু ধৰ্মাল
বোকাখাতৰ কৰৈআটি গাঁৱত শ্ৰীমদ্ভাগৱত অবিৰত পাঠ অনুষ্ঠান


গোলাঘাট, ২৯ মাৰ্চ (হি স)। সাধাৰণতে চ’ত মাহ বুলিলে এক আধ্যাত্মিক মাহ বুলিয়েই কোৱা হয় ৷ হিন্দু ধৰ্মালম্বী লোকসকলে চ’ত মাহতেই ধৰ্মীয় আধ্যাত্মিক কৰ্মসমূহ কৰা পৰিলক্ষিত হয় ৷ বিশেষকৈ অসমৰ বৃহত্তৰ অসমীয়া সমাজে চ’ত মাহতেই অবিৰত শ্ৰীমদ্ভাগৱত পাঠ কৰা দেখা যায়৷ সমান্তৰালকৈ বোকাখাতৰ কৰৈআটি গাঁৱতো শুক্ৰবাৰৰ পৰা আৰম্ভ হৈছে শ্ৰীমদ্ভাগৱত অবিৰত পাঠ অনুষ্ঠান ৷

বৃহত্তৰ গাঁওখনৰ ৰাইজে নৱম বাৰ্ষিক সাৰ্বজনিন শ্ৰীমদ্ভাগৱত অবিৰত পাঠ আজিৰে পৰা আৰম্ভ কৰিছে ৷ পুৱা শান্তিজল আনয়নৰ পিছতে সুন্দৰকৈ সজাই তোলা তোৰণ উন্মোচন কৰা হয় ৷ ইয়াৰ পিছতে বোকাখাত নগৰৰ মাজেৰে ভাগৱত পৰিভ্ৰমণ কৰি নামঘৰত প্ৰতিষ্ঠা কৰে ৷ পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, ভকত বৰণ আদি কাৰ্যসূচীৰ পিছতে সাতদিনীয়া শ্ৰীমদ্ভাগৱত অবিৰত পাঠ কাৰ্যসূচী আৰম্ভ হৈ অহা ৫ এপ্ৰিলত ইয়াৰ সামৰণি পৰিব ৷

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ


 rajesh pande