হাটশিঙিমাৰীত সংঘটিত পথ দুৰ্ঘটনাত দুজন আহত
ধুবুৰী, ২৮ মাৰ্চ(হি.স.)। হাটশিঙিমাৰীত পুনৰ এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত গুৰুতৰ ভাবে আ
হাটশিঙিমাৰীত সংঘটিত পথ দুৰ্ঘটনাত দুজন আহত


ধুবুৰী, ২৮ মাৰ্চ(হি.স.)। হাটশিঙিমাৰীত পুনৰ এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয় বাইকৰ চালক আৰু আৰোহী দুয়ো। আঘাতপ্ৰাপ্ত দুয়োকে ততাতৈয়াকৈ স্থানীয় ৰাইজে উদ্ধাৰ কৰি হাটশিঙিমাৰী জিলা চিকিৎসালয়ত ভৰ্ত্তি কৰে। দুয়োৰে অৱস্থা সংকটজনক হোৱাৰ বাবে হাটশিঙিমাৰী জিলা চিকিৎসাৰ পৰা দুয়োকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হোৱা বাইক আৰোহী আৰু চালক দুয়োজন সুখচৰ থানা এলেকাৰ আকন্দেৰ চৰ গাৱঁৰ চাহিনুৰ ইছলামৰ পুত্ৰ আব্দুল হান্নান আৰু মলাখাৱা গাৱঁৰ আনু শ্বেখ বুলি জানিব পৰা গৈছে। দুয়ো হাটশিঙিমাৰীৰ পৰা মেঘালয়ৰ ভাইটবাৰী অভিমুখে বাইকেৰে আহি থকাৰ সময়ত মেঘালয়ৰ গুৰবান্দত পথৰ কাষত থিয় হৈ থকা এখন মহেন্দ্ৰ পিক'আপ গাড়ীত খুন্দিওৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ/ৰমেন/মনোজ


 rajesh pande