দেৰগাঁও পূৰ্বাঞ্চলিক শান্তিমিলন নাট্য মন্দিৰৰ মহাৰজত জয়ন্তী উপলক্ষে দুখনকৈ নাটক মঞ্চস্থ
গোলাঘাট, ২৮ মাৰ্চ(হি.স.)। সাংস্কৃতিক ক্ষেত্ৰ খনত ৰাজ্যৰ ভিতৰতে এক বিশেষ পৰিচয় আছে দেৰগাঁৱৰ। বৃহত্তৰ
দেৰগাঁও পূৰ্বাঞ্চলিক শান্তিমিলন নাট্য মন্দিৰৰ মহাৰজত জয়ন্তী উপলক্ষে দুখনকৈ নাটক মঞ্চস্থ


গোলাঘাট, ২৮ মাৰ্চ(হি.স.)। সাংস্কৃতিক ক্ষেত্ৰ খনত ৰাজ্যৰ ভিতৰতে এক বিশেষ পৰিচয় আছে দেৰগাঁৱৰ। বৃহত্তৰ দেৰগাঁও অঞ্চলৰ ভিন্ন প্ৰান্তত সঘনেই অনুষ্ঠিত হৈ আহিছে বিভিন্ন সাংস্কৃতিক কাৰ্যক্ৰমণিকা। শেহতীয়াকৈ দেৰগাঁৱৰ খঙীয়াৰ শান্তি মিলন নাট্য মন্দিৰত দুদিনীয়াকৈ অনুষ্ঠিত হয় দুখনকৈ নাটক।

যশস্বী নাট্যকাৰ সমৰেন্দ্ৰ বৰ্মনৰ ‘২৬ জানুৱাৰীৰ গধূলি’ আৰু ড° পৰশমণি ঠাকুৰৰ ‘কালসন্ধ্যাৰ মহাযুঁজ’। এজাক ন-শিকাৰুক প্ৰশিক্ষণ দি নতুন নতুন শিল্পীৰ অভিনয় প্ৰতিভা বিকশিত কৰি এচাম নতুন অভিনয় শিল্পী সৃষ্টি কৰাৰ উদ্দেশ্য সন্মুখত ৰাখিয়েই এই পদক্ষেপ লয় নাট্যমন্দিৰ কৰ্তৃপক্ষই। উল্লেখযোগ্য যে দেৰগাঁও পূৰ্বাঞ্চলিক শান্তিমিলন নাট্য মন্দিৰৰ এইবাৰ মহাৰজত জয়ন্তীৰ শুভাৰম্ভনি বৰ্ষ। প্ৰথম কাৰ্যসূচী হিচাপে অনুষ্ঠিত কৰা হ'ল দুখনকৈ নাটক।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ/ৰমেন/মনোজ


 rajesh pande