গৌৰীপুৰ চাপগড় ত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী সভা
ধুবুৰী, ২৮ এপ্ৰিল (হি.স.)। গৌৰীপুৰ চাপগড় ত আজি কংগ্ৰেছৰ বিশাল নিৰ্বাচনী সভা। ধুবুৰী জিলা কংগ্ৰেছৰ উ
গৌৰীপুৰ চাপগড় ত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী সভা


ধুবুৰী, ২৮ এপ্ৰিল (হি.স.)। গৌৰীপুৰ চাপগড় ত আজি কংগ্ৰেছৰ বিশাল নিৰ্বাচনী সভা। ধুবুৰী জিলা কংগ্ৰেছৰ উদ্যোগত ৰকিবুল হুছেইনৰ এই জনসভা।ৰকিবুল হুছেইনৰ লগত সভাত উপস্থিত থাকে অখিল গগৈ। কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনক ভোট দিবলৈ ধুবুৰীৰ ৰাইজক আহ্বান অখিল গগৈৰ।

অখিল গগৈয়ে কয় যে, হিমন্ত বিশ্ব শৰ্মাৰ দিনত হিটলাৰী শাসন চলিছে। মোদী চৰকাৰৰ দিনত মূল্যবৃদ্ধি হৈছে। এই চৰকাৰৰ বিৰুদ্ধে মাত মাতিলে জেলত দিয়ে। মই বিজেপি চৰকাৰৰ দিনত ১৬ বাৰ জেলত গৈছো। বিজেপিৰ দাদাগিৰি বাঢ়িছে, হিমন্তৰ দাদাগিৰি বাঢ়িছে, পিযুষৰ দাদাগিৰি বাঢ়িছে। আজিকালি কথা কলেও জেল হয়। ৰাইজক এটি নতুন খবৰ দিলে অখিল গগৈয়ে ।

অখিল গগৈয়ে বিজেপিৰ লগতে আৰ এছ এছকো আক্ৰমণৰ লক্ষ্য কৰি লৈ কয়, ২০২৪ ত বিজেপিয়ে জিকিলে হিন্দু ৰাষ্ট্ৰ বনাব। ২০২৫ ত আৰ এছ এছে শতবৰ্ষ পালন কৰিব। শতবৰ্ষ পালন কৰাৰ লগতে ভাৰতবৰ্ষ খন এখন হিন্দু ৰাষ্ট্ৰ কৰিব বিজেপিয়ে বুলি অখিল গগৈয়ে কয়। অখিলে লগতে কয়, এ আই ইউ ডি এফ ৰ কৰিম উদ্দিন বৰভূঞা বিজেপিৰ দালাল। ৰাজ্যসভাৰ নিৰ্বাচনত মোক বিজেপিক ভোট দিবলৈ কৈছিল। বদৰুদ্দিন আজমল পাৰ্টীটো হল বিজেপিৰ দালাল। বদৰুদ্দিন আজমলে ধুবুৰীৰ ৰাইজক একো দিয়া নাই। আজমলে কেৱল তিনিটা বস্তু ধুবুৰীৰ ৰাইজক দিছে সেয়া হৈছে, ঈদ আহিলে খেজুৰ দিয়ে, বানপানী হলেই ঠাণ্ডা দিয়ে আৰু পানীৰ বটলত ফু ফু ফু দিয়ে। কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনেও মুখ্যমন্ত্ৰী আৰু বদৰুদ্দিন আজমলক সমালোচনা কৰে। বদৰুদ্দিন আজমলে হাৰাটো খাটাং, তেওঁৰ মিটিঙ লৈ মানুহ নাযায় মই কি কৰিম, এয়া তেওঁৰ কৰ্মৰ ফল। ৰকিবুল হিন্দু হব লাগে বুলি কোৱা আজমলক প্ৰত্যুত্তৰ ৰকিবুলৰ। তেওঁ কয় যে নিৰ্বাচন এনেকৈ নেখেলে, তেখেতক আল্লাহ শুভ বুদ্ধি দিয়ক। কি কাম কৰিছে এইবিলাক কওক।

হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.


 rajesh pande