ডিব্ৰুগড়ৰ মোহনাঘাট নৈপৰীয়া অঞ্চলত গৰাখহনীয়া প্ৰতিৰোধ ৰুধিবলৈ নিম্নমানৰ বস্তা ব্যৱহাৰৰ অভিযোগ
ডিব্ৰুগড়, ২৮ এপ্ৰিল (হি.স.)। ডিব্ৰুগড়ৰ মোহনাঘাট অঞ্চলত গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি ইতিমধ্যে কেবাটা
ডিব্ৰুগড়ৰ মোহনাঘাট নৈপৰীয়া অঞ্চলত গৰাখহনীয়া প্ৰতিৰোধ ৰুধিবলৈ নিম্নমানৰ বস্তা ব্যৱহাৰৰ অভিযোগ


ডিব্ৰুগড়, ২৮ এপ্ৰিল (হি.স.)। ডিব্ৰুগড়ৰ মোহনাঘাট অঞ্চলত গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি ইতিমধ্যে কেবাটাও ঘৰ ব্ৰহ্মপুত্ৰত উটি যোৱাৰ খবৰ সবিস্তাৰে প্ৰকাশ হৈছিল। বিভিন্ন দল সংগঠনে এই ঠাই পৰিদৰ্শন কৰিছে। সেই উদ্দেশ্যে সদৌ অসম যুৱ ছাত্ৰ পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক বিতোপন দুৱাৰাই খহনীয়া পৰিদৰ্শন কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম চৰকাৰ জলসম্পদ বিভাগৰ ডিব্ৰুগড় কাৰ্য্যালয়ৰ বৰ মুৰীয়া সকললৈ আৰু সঁকিয়নি দি কয় যে মোহনাঘাটৰ গৰাখহনীয়াৰ কাম যি নিম্ন মানদণ্ডৰ হৈছে তাক দেখি সদৌ অসম যুৱ ছাত্ৰ পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ কৰ্মকৰ্তাসকল জাঙুৰ খাই উঠিছে।

সাধাৰণ মোনা সদৃশ বস্তাৰে মহাবাহু ব্ৰহ্মপুত্ৰ গৰাখহনীয়াক ৰুধিব ওলাইছে ডিব্ৰুগড় জলসম্পদ বিভাগে। প্ৰবাল গৰাখহনীয়াই ডিব্ৰুগড়লৈ ভাবুকি কঢ়িয়াই আনিছে, তথাপিও এই বিভাগৰ বৰমূৰীয়া সকলে কাৰ্য্যালয়ৰ এচি কক্ষত বহি ডিব্ৰুগড়ৰৰ ৰাইজক বিপদলৈ নিয়াৰ প্ৰচেষ্টা কৰিছে। জিঅ'' বস্তাৰ মাজে মাজে নিম্নমানৰ মোনাৰ দৰে দেখাত টোপোলা কৰি বনুৱাই কাম কৰা প্ৰত্যক্ষ কৰে সদৌ অসম যুৱ ছাত্ৰ পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ দলটোৱে। জলসম্পদ বিভাগক ধিক্কাৰ জনাই কৈছে যে বজাৰৰ মোনাই বৃহৎ আকাৰৰ গৰাখহনীয়াক ৰোধিবলৈ যি প্ৰচেষ্টা কৰিছে সেয়া নিন্দানীয়, লজ্জাজনক ।

যিহেতু আগন্তুক বাৰিষাত এই বজাৰৰ মোনা ক''ত হেৰাই যাব তাৰ ঠিকনা নাই।পানীৰ প্ৰৱল সোঁতত চপৰা চপৰে খহিছে ব্ৰহ্মপুত্ৰৰ পাৰ আৰু তাৰ সমান্তৰালকৈ প্ৰকাণ্ড প্ৰকাণ্ড গছ গছনিৰ পৰা আৰম্ভ কৰি ঘৰ বাৰী সকলো নোহোৱা কৰিছে প্ৰৱাল গৰাখহনীয়াই।বাৰিষাৰ আগমুহূৰ্তত যদি এই ৰূপ হয় তেনেহ''লে আহি থকা বাৰিষাত কি হব পাৰে তাকে লৈ চিন্তিত হৈ পৰিছে সদৌ অসম যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.


 rajesh pande