আমগুৰি চাহ বাগিছাত সংঘটিত অগ্নিকাণ্ডৰ ফলত প্ৰায় ৪.৫০ লাখ টকাৰ সম্পত্তি ভষ্মিভুত
শিৱসাগৰ, ২৮ এপ্ৰিল(হি.স.)। শিৱসাগৰ জিলাৰ আমগুৰি চাহ বাগিছাৰ তল লাইনত শনিবাৰে নিশা প্ৰায় তিনিমান বজাত
আমগুৰি চাহ বাগিছাত সংঘটিত অগ্নিকাণ্ডৰ ফলত প্ৰায় ৪.৫০ লাখ টকাৰ সম্পত্তি ভষ্মিভুত


শিৱসাগৰ, ২৮ এপ্ৰিল(হি.স.)। শিৱসাগৰ জিলাৰ আমগুৰি চাহ বাগিছাৰ তল লাইনত শনিবাৰে নিশা প্ৰায় তিনিমান বজাত দুটাকৈ পৰিয়ালত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। চাহ বাগিছাৰ তল লাইনৰ ৰবি দাস গড় আৰু বিনেশ কন্ধৰ গৃহত অগ্নিকাণ্ড হোৱাৰ ফলত চাহ বাগিছাৰ বাহনে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে আমগুৰিৰ অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈছিল। ঘটনাস্থলীত হালোৱাটিং আৰক্ষী উপস্থিত হয়। অগ্নিকাণ্ডৰ সুত্ৰপাতৰ কাৰণ বৰ্তমানেও জানিব পৰা নাই। ৰবি দাস গড়ৰ ঘৰৰ প্ৰয়োজনীয় আচবাব আৰু নগদ ধন সহ প্ৰায় তিনি লাখ ৫০ হাজাৰ টকাৰ ক্ষতিসাধন হোৱাৰ লগতে বিনেশ কন্ধৰ প্ৰায় ডেৰ লাখ টকাৰ আচবাব জুইত জাহ যায়।

হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/আলোক.


 rajesh pande