মানুহৰ ঘৰৰ কাষত পৰিল শুকানজূলী ফায়াৰিংৰেঞ্জৰ পৰা নিক্ষেপিত মৰ্টাৰ
তামুলপুৰ, ২৮ মাৰ্চ (হি স)। তামুলপুৰৰ ভাৰত- ভূটান সীমান্তৰ ১ নম্বৰ পাহাৰপুৰত এক অঘটন সংঘটিত হৈছে। শু
মানুহৰ ঘৰৰ কাষত পৰিল শুকানজূলী ফায়াৰিংৰেঞ্জৰ পৰা নিক্ষেপিত মৰ্টাৰ


তামুলপুৰ, ২৮ মাৰ্চ (হি স)। তামুলপুৰৰ ভাৰত- ভূটান সীমান্তৰ ১ নম্বৰ পাহাৰপুৰত এক অঘটন সংঘটিত হৈছে। শুকানজূলী ফায়াৰিংৰেঞ্জৰ পৰা নিক্ষেপিত মৰ্টাৰ বিস্ফোৰিত হৈ মানুহৰ ঘৰৰ কাষত পৰিছে। ফলত কথমপি প্ৰাণ ৰক্ষা পৰে ১ নম্বৰ পাহাৰপুৰৰ মঙ্গল বাহাদূৰ চুব্বা নামৰ এজন লোকৰ পৰিয়ালৰ লোকৰ ৷

ভাৰতীয় সেনাৰ বাহিনীৰ নিয়মিত অস্ত্ৰ চালনাৰ অনুশীলনৰ সময়তে সংঘটিত হয় এই ঘটনা ৷ পূৰ্বেও বহুবাৰ সেনাবাহিনীৰ অনুশীলনৰ সময়ত বোমা বাৰুদ লক্ষ্য ভ্ৰষ্ট হৈ জনাঞ্চলত বিস্ফোৰণ ঘটি সংঘটিত হৈছে কেবাটাও দূৰ্ঘটনা। পূৰ্বে এনে ঘটনাত বহু লোকৰ মৃত্যুও হৈছে।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ


 rajesh pande