আবছুৰ সভাপতি দ্বীপেন বড়োৰ বাসগৃহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
ওদালগুৰি,২৮ এপ্ৰিল(হি.স.)। ওদালগুৰিৰ বড়ো বজাৰৰ দাউব'গামীস্থিত আবছুৰ সভাপতি দ্বীপেন বড়োৰ বাসগৃহত মুখ্
আবছুৰ সভাপতি দ্বীপেন বড়োৰ বাসগৃহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা


ওদালগুৰি,২৮ এপ্ৰিল(হি.স.)। ওদালগুৰিৰ বড়ো বজাৰৰ দাউব'গামীস্থিত আবছুৰ সভাপতি দ্বীপেন বড়োৰ বাসগৃহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। দ্বীপেন বড়োৰ পিতৃ বিগত ১৩ এপ্ৰিল তাৰিখে ইহলীলা সম্বৰণ কৰে আৰু প্ৰয়াত পিতৃৰ আজি আদ্যশ্ৰাদ্ধ অনুস্থানত মুখ্যমন্ত্ৰীৰ লগতে, মন্ত্ৰী অশোক সিংঘাল, বিটিআৰৰ মুখ্যকাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ লগতে বিটিআৰৰ কাৰ্য্যবাহী সদস্য নিলোৎ স্বৰ্গীয়াৰী, বিধায়ক জলেন দৈমাৰী উপস্থিত থাকে।মুখ্যমন্ত্ৰী উপস্থিত হৈয়েই প্ৰয়াত আদুলা কছাৰীৰ প্ৰতিছব্বিত পুস্পাঞ্জলী কৰি ৰাজহুৱা আৰ''জত অংশগ্ৰহন কৰে।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দ্বীপেন বড়োৰ পিতৃৰ স্মৃতিত প্ৰকাশিত গ্ৰন্থ উন্মোচন কৰি আদুলা কছাৰীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলী জনায়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ/ৰমেন/আলোক.


 rajesh pande