শিৱসাগৰত অহা বিধ্বংসী ধুমুহাৰ ফলত প্ৰায় দেৰ শতাধিক পৰিয়ালৰ বাসগৃহৰ বৃহত ক্ষতি
শিৱসাগৰ,২৮ এপ্ৰিল(হি.স.)। শিৱসাগৰৰ মগৰাহাটত ধুমুহাত বিস্তৰ ক্ষয় ক্ষতি ।পুৱাতে অহা প্ৰচণ্ড ধুমুহাত ব
শিৱসাগৰত অহা বিধ্বংসী ধুমুহাৰ ফলত প্ৰায় দেৰ শতাধিক পৰিয়ালৰ বাসগৃহৰ বৃহত ক্ষতি


শিৱসাগৰ,২৮ এপ্ৰিল(হি.স.)। শিৱসাগৰৰ মগৰাহাটত ধুমুহাত বিস্তৰ ক্ষয় ক্ষতি ।পুৱাতে অহা প্ৰচণ্ড ধুমুহাত বিস্তৰ ক্ষয় ক্ষতি । ডেৰ শতাধিক পৰিয়ালৰ গৃহৰ টিন-পাট আদি উৰুৱাই নিয়াৰ লগতে বহু গৃহ ভাঙি পৰিছে। জিলা খনৰ প্ৰায় দহ খন গাও মগৰাহাট, দেৱালয় গায়ন গাঁও, চাংমাই, চেতিয়া, দোলাকাষৰীয়া, ৰজাবাৰী চাংমাই, গৰকাষৰীয়া, আইলামুখ আদি অঞ্চলত ধুমুহাই ক্ষতিগ্ৰস্থ কৰিছে বহু পৰিয়াল।

বৃহৎ বৃহৎ গছ উভালি পৰাৰ লগতে বৈদ্যুতিক সেৱা ব্যাহত হৈ পৰিছে। বহু পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ/ৰমেন/আলোক.


 rajesh pande