গোলকগঞ্জৰ বৰুণডাঙা (বিছনদৈত) আত্ম সহায়ক গোটৰ ধন আত্মসাত কৰাৰ অভিযোগ
ধুবুৰী, ২৮ মাৰ্চ (হি.স.): ধুবুৰী জিলাৰ গোলকগঞ্জৰ বৰুণডাঙাত ( বিছনদৈত) আত্ম সহায়ক গোটৰ ধন আত্মসাত কৰ
গোলকগঞ্জৰ বৰুণডাঙা (বিছনদৈত) আত্ম সহায়ক গোটৰ ধন আত্মসাত কৰাৰ অভিযোগ


ধুবুৰী, ২৮ মাৰ্চ (হি.স.): ধুবুৰী জিলাৰ গোলকগঞ্জৰ বৰুণডাঙাত ( বিছনদৈত) আত্ম সহায়ক গোটৰ ধন আত্মসাত কৰাৰ অভিযোগ উত্থাপিত হৈছে। পঞ্চায়ত বিভাগৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ গোলকগঞ্জ উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰুণডাঙা গাঁও পঞ্চাতৰ জীৱিকা সখী নুৰভানু বিবিৰ বিৰুদ্ধে ধন সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে।

উল্লেখ্য যেতিয়া আত্ম সহায়ক গোট সমূহৰ অনাস্থা উলিওৱাৰ সময়তেই প্ৰতিটো আত্ম সহায়ক গোটৰ চহী কৰাৰ বাবে বাইদেউক লাগে মোটা অংকৰ ধন।

ধন নিদিলে বাইদেউ নকৰে চহী, নকৰে গোটৰ কোনো যাৱতীয় কাম। দীৰ্ঘ দিনৰে পৰাই বিভিন্ন আত্ম সহায়ক গোটৰ মহিলা সকলো হাৰাসাস্থি ভোগ কৰে আৰু চৰকাৰী এক কালীন সাহায্যৰ পৰা বঞ্চিত কৰাৰ অভিযোগ উত্থাপিত হয়। ইফালে লাচিত ভিও (Lachit v/o) গোটৰ পৰা ৯০ হাজাৰ টকা ঋণ জীৱিকা সখী নুৰভানু বিবিয়ে আত্মসাত কৰাৰ অভিযোগ উঠিছে ।

ইফালে পইচা বিচাৰিলে গোটৰ মহিলা সকলক দিয়ে ভয় ভাবুকি। ঋণ পৰিশোধ নকৰাৰ বাবে আন সুবিধাৰ পৰা বঞ্চিত হৈ আছে বুলি মন্তব্য কৰে গোটৰ সদস্য সকলে। নুৰভানু বিবিৰ লগত যোগাযোগ কৰিলে সদস্য সকলোৰ লগত দুৰব্যৱহাৰ কৰাৰ অভিযোগ কৰিছে। অনতি পলমে গোটৰ টকা খিনি উভতাই নিদিলে বাকী সদস্য সকলে নুৰ ভানু বিবিৰ ওপৰত আইনী ব্যৱস্থা ল’ব বুলি জনাই দিয়ে। মহিলা সকলে নুৰ ভানু বিবি মূৰদাৱাদ নুৰভানু বিবি হায় হায় বুলি প্ৰতিবাদ সাব্যস্ত কৰে আৰু নুৰভানু বিবিক চাকৰিৰ পৰা নিলম্বন কৰাৰ বাবে দাবী উত্থাপন কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ


 rajesh pande