ইউপিপিএলৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ অভিযোগ বিপিএফৰ
চিৰাং, ২৭ এপ্ৰিল(হি.স.)। ইউপিপিএলৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ অভিযোগ তুলিছে বিপিএফ দলে। নি
ইউপিপিএলৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ অভিযোগ বিপিএফৰ


চিৰাং, ২৭ এপ্ৰিল(হি.স.)। ইউপিপিএলৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ অভিযোগ তুলিছে বিপিএফ দলে। নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰি সমগ্ৰ বিটিচিত ইউপিপিএল দলে অৰুণোদই আচঁনিৰ প্ৰপত্ৰ বিতৰণ কৰাৰ অভিযোগ কৰে দলটোৱে। চিৰাঙৰ কাজলগাঁৱত বিপিএফৰ পাৰিষদ পানীৰাম ব্ৰহ্মই এক সংবাদ মেল অনুষ্ঠিত কৰি এই অভিযোগ তোলে।

সংবাদমেলত নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰি চিৰাঙৰ যোৱা নিশা বাসুগাঁও চহৰত কেইবাটাও ৱাৰ্ডত বিজেপি আৰু ইউপিপিএলৰ কৰ্মী সকলে এন্ধাৰৰ সুযোগ গ্ৰহণ কৰি ভোটাৰ ৰাইজক প্ৰলোভন দি অৰুণোদই আচঁনিৰ প্ৰপত্ৰ বিলাই থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰে পাৰিষদ জনে।

বিটিচিৰ বিভিন্ন স্থানত ইপিপিএল কৰ্মীক বিপিএফে হাতেলোটে ধৰিছে বুলিও সংবাদমেলত কয় পানীৰাম ব্ৰহ্মই। লগতে কয় ইউপিপিএল দলৰ নেতা কৰ্মী সকলে ভোটাৰ ৰাইজক প্ৰলোভন দেখুৱাই অৰুণোদই আচঁনিৰ যিবোৰ প্ৰপত্ৰ বিলাই আছে উক্ত প্ৰপত্ৰ সমূহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু ইউপিপিএল দলৰ নিৰ্বাচনী প্ৰতীক চিহ্ন ট্ৰেক্টৰৰ ছবি থকা বুলি মন্তব্য কৰে। নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰা ঘটনাৰ বিৰুদ্ধে নিৰ্বাচন আয়োগক কঠোৰ ব্যবস্থা গ্ৰহণ কৰাৰ দাবী তোলে।

হিন্দুস্থান সমাচাৰ /প্ৰকাশ/ৰমেন/মনোজ


 rajesh pande