উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল- ৮টাকৈ ৱেবচাইটত চাব পাৰিব ফলাফল
গুৱাহাটী, ০৯ মে’ (হি.স.)। উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলসমূহ আজি বৃহস্পতিবাৰে ঘোষণা ক
উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল- ৮টাকৈ ৱেবচাইটত চাব পাৰিব ফলাফল


গুৱাহাটী, ০৯ মে’ (হি.স.)। উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলসমূহ আজি বৃহস্পতিবাৰে ঘোষণা কৰা হ’ব । পুৱা ৯ বজাত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল।

উল্লেখ্য যে পৰীক্ষাৰ্থীসকলে ৮টাকৈ ৱেবচাইট যোগে লাভ কৰিব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলসমূহ।

এই ৱেবচাইট কেইটা হৈছে-

https://ahsec.gov.in , https://www.results.shiksha , https:results.net , https://www.indiaresults.com , https:results.in , https://www.fastresult.in , https://assamjobalerts.com , আৰু https://www.assamresult.in ।

এইকেইটা ৱেবচাইটৰ জৰিয়তে ফলাফল চাব পাৰিব। মন কৰিবলগীয়া যে আনবাৰৰ দৰে এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত নাথাকে কোনো স্থানপ্ৰাপ্তৰ ব্যৱস্থা।

উল্লেখ্য যে এইবাৰৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা ১২ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছিল । উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা (Higher Secondary Final Examination)ত এইবাৰ ২,৮০,২১৬ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ইয়াৰে ১,৩৭,৪৮৪ জন ছাত্ৰ আৰু ১,৪২,৭৩২ গৰাকী ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছে। এইবাৰ কলা শাখাত ২৬,৪৬৭ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হোৱাৰ লগতে বিজ্ঞান শাখাত ৫৫,২৮৭ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে। আনহাতে, বাণিজ্য শাখাত ১৭,৫৮২ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে।

ইয়াৰোপৰি, বৃত্তিমুখী শাখাত ৮৮০গৰাকী পৰীক্ষাৰ্থী অৱৰ্তীণ হয়। ৰাজ্যৰ মুঠ ৮৭৭টা কেন্দ্ৰত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হৈছিল।

হিন্দুস্থান সমাচাৰ/মনোজ


 rajesh pande