মানকাচৰত পথ দূৰ্ঘটনাত আহত বৃদ্ধা
মানকাচৰ, ০৯ মে’ (হি.স.): মানকাচৰৰ ভূৰাকাটাত বুধবাৰেসন্ধিয়া প্ৰায় ৭ বজাত সংঘটিত হৈছে এক ভয়ঙ্কৰ পথ দ
মানকাচৰত পথ দূৰ্ঘটনাত আহত বৃদ্ধা


মানকাচৰ, ০৯ মে’ (হি.স.): মানকাচৰৰ ভূৰাকাটাত বুধবাৰেসন্ধিয়া প্ৰায় ৭ বজাত সংঘটিত হৈছে এক ভয়ঙ্কৰ পথ দূৰ্ঘটনা। পথৰ কাষত থিয় হৈ থকা অৱস্থাত নম্বৰ বিহীন বাইকৰ খুন্ধাত আহত হয় বয়স্ক ব্যক্তি এগৰাকী।

বৃদ্ধজন মানকাচৰৰ ভুৰাকাটা গাওঁৰ শাহাজামাল সেখ (৬৫) বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত বয়স্ক ব্যক্তিজনক হাটশিঙিমাৰী জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও অৱস্থা সংকটজনক হোৱা লৈ উন্নত চিকিৎসাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ


 rajesh pande