পশ্চিম কাৰ্বি আংলঙৰ তৰাডুবিত আঞ্চলিক ভিত্তিত ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান
পশ্চিম কাৰ্বি আংলং, ০৯ মে’ (হি.স.): পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত বৃহত্তৰ তৰাডুবিৰ চিকামাৰীস্থিত
পশ্চিম কাৰ্বি আংলঙৰ তৰাডুবিত আঞ্চলিক ভিত্তিত ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান


পশ্চিম কাৰ্বি আংলং, ০৯ মে’ (হি.স.): পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত বৃহত্তৰ তৰাডুবিৰ চিকামাৰীস্থিত তৰাডুবি আঞ্চলিক নামঘৰ পৰিচালনা সমিতিৰ উদ্যোগত অহা ১০, ১১ আৰু ১২ মে’ ২০২৪ তাৰিখে (শুক্ৰবাৰ, শনিবাৰ আৰু দেওবাৰ) তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই ধৰ্মীয় কাৰ্যসূচী সুকলমে সম্পন্ন কৰাৰ অৰ্থে তৰাডুবি আঞ্চলিক নামঘৰ প্ৰাংগনত অনুষ্ঠিত কৰাৰ বাবে জোৰদাৰ প্ৰস্ততি চলিছে ।

বৃহত্তৰ তৰাডুবি আঞ্চলিক নামঘৰ পৰিচালনা সমিতিৰ সভাপতি টংকেশ্বৰ বৰা আৰু সম্পাদক অমৃত ৰাজবংশী দ্বয়ে জনোৱা মতে উক্ত ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানটো সফল ৰূপায়ন কৰি তুলিবলৈ আঞ্চলিক নামঘৰ পৰিচালনা সমিতিখনে দিন ৰাতি একাকাৰ কৰি প্ৰস্তুতি অব্যাহত ৰাখিছে। আজি পুৱাৰে পৰা আঞ্চলিক নামঘৰ চৌপাশ পা-পৰিস্কাৰ কৰি আটকধুনীয়াকৈ সজাই তোলা হৈছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ


 rajesh pande