নিৰ্বাচনী প্ৰচাৰ চলাবলৈ এদিনীয়া ভ্ৰমণ সূচীৰে ২৯ এপ্ৰিলত গুৱাহাটীলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী
গুৱাহাটী, ২৭ এপ্ৰিল(হি.স.)। এদিনীয়া ভ্ৰমণসূচীৰে ২৯ এপ্ৰিলত গুৱাহাটীলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত
নিৰ্বাচনী প্ৰচাৰ চলাবলৈ এদিনীয়া ভ্ৰমণ সূচীৰে ২৯ এপ্ৰিলত গুৱাহাটীলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী


গুৱাহাটী, ২৭ এপ্ৰিল(হি.স.)। এদিনীয়া ভ্ৰমণসূচীৰে ২৯ এপ্ৰিলত গুৱাহাটীলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। গুৱাহাটী লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ অমিত শ্বাহে চলাব নিৰ্বাচনী প্ৰচাৰ। গুৱাহাটীত বিশাল ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব অমিত শ্বাহে। ৰোড শ্ব’ক লৈ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত এক বৈঠকো অনুষ্ঠিত হৈ যায়।

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত বাজপেয়ী ভৱনত এই বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত উপস্থিত থাকে গুৱাহাটীৰ পাৰিষদ সকলৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, মুখপাত্ৰ তথা সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা তথা বিধায়ক অতুল বৰা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অনুষ্ঠানটোৰ ব্যৱস্থাৰ বিষয়ে কিছু মন্তব্য প্ৰদান কৰি উল্লেখ কৰে যে, অমিত শ্বাহে ২৯ মে'ত গুৱাহাটীত এক বিশাল দলীয় ৰোডশ্ব'ত অংশগ্ৰহণ কৰিব। মহানগৰীৰ চাইকেল ফেক্টৰীৰ পৰা-লাল গণেশ অঞ্চললৈ দুই কিলোমিটাৰ ধৰি পথছোৱাত এই ৰোডশ্বো অনুষ্ঠিত হব। উক্ত সময়চোৱাৰ ভিতৰত যাতে যান-জতৰ সমস্যা নূন্যতম কৰাৰ লগতে অনুষ্ঠানটো সাফল্যমণ্ডিত সুনিশ্চিত কৰাৰ বাবে নিখুঁত পৰিকল্পনাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। উল্লেখ্য যে ২৯ তাৰিখে বিয়লি গুৱাহাটীত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে উপস্থিত হৈ বিয়লি ৩ বজাৰ পৰা ৮ বজাৰ ভিতৰত এই ৰোডশ্বোত অংশগ্ৰহণ কৰিব আৰু নিশা পুনৰ উভতি যাব বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ /ৰমেন/আলোক.


 rajesh pande