লংকাৰ মহাত্মা গান্ধী পথৰ এঘৰত চোৰৰ চাফাই অভিযান
হোজাই, ২৮ মাৰ্চ (হি স)। হোজাই জিলাৰ লংকাৰ মহাত্মা গান্ধী পথৰ এঘৰত চোৰৰ চাফাই অভিযান চলে। ভাৰাতীয়া
চোৰ


হোজাই, ২৮ মাৰ্চ (হি স)। হোজাই জিলাৰ লংকাৰ মহাত্মা গান্ধী পথৰ এঘৰত চোৰৰ চাফাই অভিযান চলে। ভাৰাতীয়া হিচাপে থকা নৱকান্ত বৰাৰ ঘৰত এই চুৰি কাণ্ড সংঘটিত হয়।

চোৰে নৱকান্ত বৰাৰ ভাৰাতীয়া ঘৰৰ ভেন্টিলেচন ভাঙি ভিতৰত প্ৰবেশ কৰি ঘৰৰ বয়-বস্তু লণ্ড ভণ্ড কৰাৰ লগতে আলমাৰী ভাঙি নগদ সৰ্বমুঠ ৫০ হাজাৰ টকা লৈ উধাও হয়।

নৱকান্ত বৰাই নিজ পৰিবাৰক গাঁৱৰ ঘৰৰ পৰা আনিবলৈ যাওতেই এক দুই ঘণ্টাৰ ভিতৰত সংঘটিত হয় উক্ত চুৰি কাণ্ড। ইতিমধ্যেই ঘটনাস্থলীত লংকা আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ


 rajesh pande