গৰু চোৰক কেন্দ্ৰ কৰি তামাৰহাটৰ বাঘডোঘৰাত উত্তপ্ত পৰিস্থিতি
ধুবুৰী, ২৮ এপ্ৰিল (হি.স.): গৰু চোৰক কেন্দ্ৰ কৰি তামাৰহাটৰ বাঘডোঘৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। হা
আটক


ধুবুৰী, ২৮ এপ্ৰিল (হি.স.): গৰু চোৰক কেন্দ্ৰ কৰি তামাৰহাটৰ বাঘডোঘৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। হাতে লোটে গৰু চোৰক আটক কৰি উত্তম মধ্যম সোধায় ৰাইজে আৰক্ষীক গতাই দিয়ে।

প্ৰাপ্ত তথ্যমতে, কালাচান পাৰা গাঁৱৰ ছুৰমান আলীৰ গোহালীৰ পৰা যোৱা ২৬ এপ্ৰিলৰ নিশা চুৰি কৰিছিল দুটা দমৰা গৰু । গৰু দুটা চুৰি কৰি লুকাই থৈছিল বাঘডোকৰা অঞ্চলত । ২৭ তাৰিখ পুৱা বাঘডোকৰা গাঁৱৰ মাজেৰে দমৰা গৰু দুটা লৈ যোৱা অৱস্থাত ৰাইজৰ সন্দেহ হোৱাত গৰুদুটা জব্দ কৰি লোকজনক সোধ পোচ কৰাত জোলোঙাৰ মেকুৰী ওলাই পৰে । স্থানীয় ৰাইজে গৰুৰ লগত থকা তিনি চোৰক ধৰি উত্তম মাধ্যম দিয়ে । পিছত স্থানীয় ৰাইজে তামাৰহাট থানাত খবৰ দিয়াত আৰক্ষীয়ে গৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । তামাৰহাট থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ চোৰ তিনিটাক থানালৈ নিয়ে । চোৰ কেইটা ক্ৰমে তামাৰহাট থানাৰ অন্তৰ্গত কালাচান পাৰা গাঁৱৰ নজৰুল ইছলাম, কুকিলাডাঙ্গা গাঁৱৰ মজিবৰ সেখ আৰু মেচপাৰা গাঁৱৰ নবীন ৰায় । তামাৰহাট আৰক্ষীয়ে Case No 27/24- us -380/34. ipc গোচৰ পঞ্জীয়ন কৰি তিনিওকে আৰক্ষীয়ে আজি ধুবুৰী জেল হাজোত লৈ প্ৰেৰণ কৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ


 rajesh pande