গোৱালপাৰাত ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী
গোৱালপাৰা, ২৩ এপ্ৰিল (হি.স.)। গোৱালপাৰা আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই অহৰহ সফলতা লাভ কৰি আছ
ড্ৰাগছ


গোৱালপাৰা, ২৩ এপ্ৰিল (হি.স.)। গোৱালপাৰা আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই অহৰহ সফলতা লাভ কৰি আছে। এই সন্দৰ্ভত হেৰ’ইনসহ দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হয়।

মঙলবাৰে গোৱালপাৰা আৰক্ষীয়ে দিয়া তথ্য অনুসৰি গোপন তথ্যৰ ভিত্তিত চলোৱা অভিযানত দুয়োজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে তেওঁলোকৰ হাতত ৩৬.৬ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন উদ্ধাৰ কৰে। আৰক্ষীয়ে দীৰ্ঘদিন ধৰি দুয়োজন চোৰাং ব্যৱসায়ীৰ সন্ধানত অভিযান চলাই আছিল। ধৃত সৰবৰাহকাৰীৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰি আইনী প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।

হিন্দুস্থান সমাচাৰ/শ্ৰীপ্ৰকাশ / মনোজ


 rajesh pande